মহাপুৰুষ দুজনাৰ অনন্য সৃষ্টি সত্ৰ
ধৰ্ম চৰ্চাৰ অন্যতম অনুষ্ঠান সত্ৰ যাৰ প্ৰতিষ্ঠাপক আছিল গুৰু শংকৰদেৱ আৰু শিষ্য মাধৱদেৱ । ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ঠায়ে ঠায়ে গুৰু দুজনাই আৰম্ভ কৰা সত্ৰ সমূহৰ গুৰুত্ব আজিও অখুণ্ণ হৈ আছে । মহাপুৰুষ শংকৰদেৱে বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল তাৰ পাছত ধুৱাহাট বেলগুৰি , দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰিও মহাপুৰুষ জনাই পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে । অসমত প্ৰথম অৱস্থাত ৬৬৫ খন সত্ৰ আছিল যদিও বৰ্তমান ইয়াৰ বহুতৰে অস্তিত্ব নোহোৱা হৈছে ।
মাজুলীত অৱস্থিত ৬৬ খনৰ ভিতৰত ২২ খন সত্ৰ বৰ্তমানেও আছে । সত্ৰ সমূহক এক প্ৰকাৰৰ কলা সংস্কৃতিৰ কেন্দ্ৰ বুলিও ক'ব পাৰি । অতীতৰ পৰাই এই ঠাইত বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ৰিয়া সম্পাদন কৰা হয় , ইয়াৰ ভিতৰত বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ চৰ্চাৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল এই সত্ৰ সমূহ । মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰ সৰ্ববৃহৎ সত্ৰ ৰূপে পৰিচিত । এখন সত্ৰ পৰিচালনা কৰিবলৈ বহুতো মানুহৰ প্ৰয়োজন হয় । সেয়ে এই কাম নিয়াৰিকৈ চলাই নিবলৈ সকলো লোকেই কিছুমান দায়িত্ব বহন কৰে। সত্ৰাধিকাৰজনৰ উপৰিও এখন সত্ৰত অধিকাৰ, ডেকা অধিকাৰ, ভকত, শিষ্য, বৰ ভাগৱতী, বৰ পাঠক, বৰ নাম লগোৱা, বৰ বায়ন , বৰ গায়ন আদি বিভিন্ন পদৰ ব্যক্তি থাকে ।
সত্ৰ সমূহ প্ৰতিষ্ঠা কৰাৰ তিনিটা মুখ্য স্তৰ আছে । কোনোবা এজন মহাপুৰুষৰ পোনপটীয়া আজ্ঞাৰে প্ৰতিষ্ঠা হোৱা সত্ৰক মূলসত্ৰ বোলে । সেই সত্ৰৰ গুৰুৰ আজ্ঞালৈ প্ৰসিদ্ধ শিষ্য বা ভক্তই আন এঠাইত প্ৰতিষ্ঠা কৰা সত্ৰক আজ্ঞাপৰ সত্ৰ বুলি কোৱা হয় আৰু মুল সত্ৰৰ বিশেষ প্ৰতীক লৈ সত্ৰীয়া আৰ্হি ৰাখি আন এঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিলে সেই সত্ৰক শাখা সত্ৰ বুলি আখ্যা দিয়া হয় । অসমৰ বিশেষ চাৰিখন সত্ৰ যেনে আউনীআটী সত্ৰ , দক্ষিণপাট সত্ৰ ,গড়মূৰ সত্ৰ , কুৰুৱাবাহী সত্ৰই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।