এইটো বেংকৰ লাইচেন্স বাতিল কৰিলে RBI য়ে। বেংকৰ গ্ৰাহকসকলে উভতাই লাভ কৰিব নিজৰ নিজৰ জমাধন।
ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)য়ে পশ্চিমবঙ্গৰ বাগনানস্থিত ইউনাইটেড ক' অপাৰেটিভ বেংক লিমিটেড (United Co-operative Bank Ltd)ৰ বেংকিং লাইচেন্স বাতিল কৰিছে। বেংকটোৰ ওচৰত পৰ্যাপ্ত পুঁজিৰ অভাৱ আৰু উৎপাদনৰ লগত জড়িত সম্ভাৱনাৰ প্ৰচুৰ অভাৱৰ দোহাই দি RBI য়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। RBI ৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, বেংকিং লাইচেন্স বাতিল হোৱাৰ পিছত ২০২১ অৰ ১৩ মে'ত বিজনেছ আৱাৰ শেষ হ'ল আৰু তাৰ পিছৰ পৰা উক্ত বেংকটোৱে কোনো প্ৰকাৰেই বেংকিং ব্যৱসায় চলাব নোৱাৰে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়ে যে বেংকটোৰ জমাৰাশিৰ দলিল অনুসৰি সকলো গ্ৰাহকৰ ডিপ'জিত ইন্স্যুৰেন্স আৰু ক্ৰেডিট গেৰাণ্ট্যি ক'ৰাপ্শ্চন (DICGC) নিৰীক্ষণ কৰি তেওঁলোকৰ সম্পূৰ্ণ জমাধন উভতাই দিয়াৰ ব্যৱস্থা কৰা হ'ব।
উল্লেখ্য যে, লিকুইডেশ্বনৰ পিছত প্ৰত্যেক জমাকৰ্তাকে DICGC Act, 1961 ৰ অধীনত DICGC ৰপৰা পাঁচ লাখ টকালৈকে এই ধনৰাশি ডিপ'জিত ইন্স্যুৰেন্স কেমৰ অধীনত প্ৰদান কৰা হ'ব। RBI য়ে লগতে এইটোও কয় যে পুঁজিৰ তীব্ৰ নাটনি চলি থকা বৰ্তমানৰ এই প্ৰেক্ষাপটত বেংকটোৱে গ্ৰাহকক জমাধন উভতাই দিবপৰাকৈ সক্ষম নহয়।
RBI য়ে লাইচেন্স বাতিল কৰাৰ এই সিদ্ধান্তৰ পিছত বেংকটোৱে কোনো গ্ৰাহকৰ পৰা কোনো ধৰণৰ জমাৰাশি গ্ৰহণ কৰিব নোৱাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে পশ্চিমবঙ্গৰ ক'অপাৰেটিভ চ'চাইটিজক পশ্চিমবঙ্গৰ বাগনানস্থিত ইউনাইটেড ক'অপাৰেটিভ বেংকৰ ৰেজিষ্টাৰ বন্ধ কৰি লিকুইডেটৰ নিযুক্তি প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে।