পৃথিৱীৰ ব্যয়বহুল উপহাৰ : The most expensive gift in the world

পৃথিৱীৰ ব্যয়বহুল উপহাৰৰ বিষয়ে জানো আহক (expensive gift)

পৃথিৱীৰ ব্যয়বহুল উপহাৰ : The most expensive gift in the world

উপহাৰ এনে এটা শব্দ যিটো শব্দ‌ই প্ৰত্যেকজন ব্যক্তিকে সুখী কৰি তুলিব পাৰে । আকৌ যদি সেই উপহাৰ surprise হিচাপে পোৱা যায় তেনেহ'লে আনন্দৰ সীমা নোহোৱা হয় । উপহাৰ লাগিলে যিয়েই হ‌ঁওক উপহাৰ দিয়া ব্যক্তিজনৰ ওপৰত ইয়াৰ মূল্য নিৰ্ধাৰণ হয় । বিশ্বত এনে বহুসংখ্যক উপহাৰ আছে যিয়ে এজন সাধাৰণ ব্যক্তিক আচৰিত কৰি তুলাৰ লগতে মোহিত কৰিব পাৰে ।। 

বিশ্বৰ ভিতৰতে এতিয়া অত্যন্ত জনপ্ৰিয় আৰু ব্যয়বহুল (expensive gift) উপহাৰৰ বিষয়ে জানো আহকছোন : 

১/ সমগ্ৰ বিশ্বতেই জনাজাত এনে এটা উপহাৰ আছে যাৰ নাম পৃথিৱীৰ ৭টা আচৰিত বস্তুৰ অন্তৰ্গত। হয় আমি ক'ব খুজিছোঁ সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ অন্য এক নাম তাজমহল । চাহ জাহানে পত্নী মুমতাজৰ প্ৰতি নিজৰ প্ৰেমৰ স্মৃতি হিচাবে প্ৰায় ৩০ মিলিয়ন ভাৰতীয় মুদ্ৰা ব্যৱহাৰ কৰি তাজমহল নিৰ্মান কৰাইছিল । আজিও বিশ্বৰ ভিতৰতে ইয়াৰ নাম অন্যতম ।

২/ কিংগ আব্দুলা আৰু বাৰাক অবামাক চিনি নোপোৱা মানুহ হয়তো নাই । আমেৰিকাৰ মিডিয়াত প্ৰচলিত এক নিউজ অনুসৰি কিংগ আব্দুলাই বহু পৰিমাণৰ মূল্যবান হীৰা ,সোণ , আৰু অন্যান্য সামগ্ৰীৰ লগতে মূল্যবান পাথৰ (মণি) অবামাক উপহাৰ হিচাপে দিছিল । এই উপহাৰৰ মূল্য‌ই বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে ।

৩/   বিশ্বৰ ইতিহাসত অতি চিনাকি নাম এলিজাবেথ টেইলৰ । ১৯৭২ চনত এলিজাবেথ টেইলৰৰ স্বামীয়ে তেওঁৰ ৪০তম জন্ম দিন উপলক্ষে ১০,৫০,০০০ ডলাৰ মূল্যৰ এটা হীৰা উপহাৰ হিচাপে দিছিলে । এই হীৰাটো  দেখিবলৈ খুবেই সুন্দৰ আছিল যাৰ চৰ্চা আজিও প্ৰচলিত । 

৪/ পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল হীৰা হৈছে কহিনুৰ যাৰ মূল্য প্ৰায় ১৩ মিলিয়ন ডলাৰ । বিশ্বৰ আটাইতকৈ বিতৰ্কিত খবৰ অনুসৰি ভাৰতৰ দীলিপ সিংহ‌ই ৰাণী এলিজাবেথক এই কহিনুৰ হীৰা উপহাৰ হিচাপে দিছিল । এই উপহাৰে বিশ্বত চতুৰ্থ স্থান দখল কৰিছে ।

৫/ বিশ্বৰ ধনী ব্যক্তি সকলৰ নাম নিশ্চয়কৈ সকলোৰে জ্ঞাত । পৃথিৱীৰ ধনী লোক সকলৰ ভিতৰত ভাৰতৰ আম্বানী পৰিয়ালৰ নাম অতি জনপ্ৰিয়। এই পৰিয়ালৰে অনিল আম্বানীয়ে Anil Ambani নিজৰ পত্নীৰ কাৰণে ৮০ মিলিয়ন ডলাৰ মূল্যৰ এখন আধুনিক প্ৰযুক্তি যুক্ত জাহাজ উপহাৰ দিয়ে । এই জাহাজ খনৰ ক্ষেত্ৰত বিভিন্ন জনৰ বিভিন্ন মত আছে । কিছু সংখ্যকে মতপোষণ কৰে যে "এয়া অযথা খৰছ হে , ইয়াৰ পৰিবৰ্তে তেওঁ লোকে এই ধনেৰে ভাৰতৰ দুখীয়া পৰিয়াক সহায় কৰিব পাৰিলে হয়" । আপুনিও নিজৰ মত আগবঢ়াবলৈ নাপাহৰিব ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.