বন্ধ হ'ল এই পতিতালয়খন : বিশ্বৰ সৰ্ববৃহৎ শামুকবিধৰ ওজন প্ৰায় ১৮ কেজি : উন্নত সুবিধা লৈ Xiamoni Mi 11X

daily news assam

১। পোনপ্ৰথমেই দিব বিচাৰিছো এক বিশেষ আৰু আচৰিত খবৰ।সেয়া, এক পতিতালয়।আপুনি জানি আচৰিত হ'ব যে, জাৰ্মানৰ Cologne ৰ ৯,০০০ বৰ্গমিটাৰৰ এই পতিতালয়খন ১২ মহলীয়া আছিল য'ত ৮০ জনৰো অধিক কৰ্মচাৰী আছিল। Pischa নামৰ এই পতিতালয়খনলৈ প্ৰতিদিনে ১,০০০ জন পৰ্যন্ত গ্ৰাহকৰ উপস্থিতি আছিল।পিছে ১৯৭২ চনৰ জানুৱাৰীত মুকলি কৰা এই পতিতালয়খন ২০২০ চনৰ চেপ্তেম্বৰ মাহত বন্ধ হ'ল।

২।এইবাৰ খবৰ কৰোনাৰ নিষ্ঠুৰাঘাতৰ। 30 মেলৈকে দেশখনৰ সকলোবোৰ কিৰ্তীচিহ্ন কেন্দ্ৰীয় চৰকাৰে বন্ধ ঘোষণা কৰিলে।সেয়া আনন্দত বুকু ফুলি উঠা দৰ্শনাৰ্থীৰ হৃদয়ৰ এক অবুজ বেদনা।

৩।এক গুৰুত্বপূৰ্ণ খবৰ।সেয়া ব্ৰাজিলৰ অৰ্থনিতীৰ এক গৌৰবৰ খবৰ।বিশ্বৰ আটাইতকৈ বেছি কফি উৎপাদন হয় ব্ৰাজিলত।আপুনি জানি আচৰিত হ'ব যে দেশখনত প্ৰায় ৩ লাখখন কফিৰ ফাৰ্ম আছে।সেয়ে কফি খেতিয়েই হৈছে দেশখনৰ অৰ্থনীতিৰ চালিকা শক্তি।

৪।এক আচৰিত খবৰ।হয়, অষ্ট্ৰেলিয়াৰ এবিধ শামুক যাৰ নাম Syrinx Aruanus । আপুনি জানি আচৰিত হ'ব যে, বিশ্বৰ সৰ্ববৃহৎ এই শামুকবিধৰ ওজন প্ৰায় ১৮ কেজি।এই শামুকবিধ প্ৰায় ৯১ ছেন্টিমিটাৰ দীঘল।

৫।এক গুৰুত্বপূৰ্ণ খবৰ।কৰোনাৰ তীব্ৰগতিৰ বাবেই ৫০%কৰ্মচাৰীৰেহে চৰকাৰী কাৰ্যালয় চলোৱাৰ নিৰ্দেশ দিলে কেন্দ্ৰই।অৱশ্যে বিদ্যালয়ত ১০০% উপস্থিতি থাকিব লাগিব বুলিও চৰকাৰে নিৰ্দেশ দিয়ে।

৬।এইবাৰ পাঞ্জাবৰ মূখ্যমন্ত্ৰীৰ এক বিশেষ ঘোষণা।ঘোষণা অনুসৰি পাঞ্জাবৰ বিদ্যালয়সমূহৰ ৫ম, ৮ম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ অবিহনেই উন্নীত কৰিব লাগিব।

৭।এইবাৰ খবৰ কাশ্মীৰৰ।হয়, ঠাইখনৰ উৎপাদিত আপেল, আঙুৰ, নাচপতি, চেৰী, আহোম বগৰী আদিৰ গুণাগুণ সমগ্ৰ বিশ্বতেই জনাজাত।পিছে কাশ্মীৰত দেশখনৰ সৰ্বাধিক Almond উৎপন্ন হয়।

৮।এইবাৰ ষ্মাৰ্টফোনৰ খবৰ‌।ভাৰতলৈ বিলাসীতাৰ এক অংশ হ'বলৈ আহি আছে Xiamoni Mi 11Xআৰু Mi 11X Pro । এই দুই মোবাইল আপোনাৰ কাষলৈ অতি উন্নত সুবিধা লৈ অতি সোনকালে আহি আছে।

৯।এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাই দিলে বিশেষ খবৰ।সংস্থাটোৰ মতে কৰোনাৰ লগত যুজ দিবৰ কাৰণে দেহৰ অনাক্ৰম্যতা বঢ়াবলৈ আমি সন্তুলিত আহাৰ খাব লাগিব।

১০।শেষ খবৰ।এক আচৰিত খবৰ।সেয়া ফিলিপাইনচৰ এজাতি বাদুলি যাৰ নাম Golden-Crowned Flying Fox । আচৰিত কথাটো হ'ল বিশ্বৰ সৰ্ব বৃহৎ এই বাদুলিৰ ওজন প্ৰায় ২.৬ পাউণ্ড আৰু ইয়াৰ ডেউকাদুখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৫ ফুট ৬ ইঞ্চি।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.