১০০ বছৰ পুৰণি মাটিৰ তলত এখন গাওঁ : A village under 100 years old soil

 ১০০ বছৰ পুৰণি মাটিৰ তলত এখন গাওঁ 

A village under 100 years old soil

মানুহৰ তিনিটা মৌলিক প্ৰয়োজনৰ ভিতৰত বাসস্থান হৈছে অন্যতম। আমি মানুহৰ বাসস্থান বুলি ক'লে বিভিন্ন ধৰণৰ ঘৰক বুজো । যেনে : - পকী ঘৰ, খেৰী ঘৰ, চাং ঘৰ ইত্যাদি। কিন্তু আপুনি কেতিয়াবা শুনিছে নে যে   মানুহে মাটিৰ তলত বাস কৰে? যদি শুনা নাই তেন্তে কওঁ শুন'ক। 

  পৃথিৱীত এনে এখন ঠাই আছে য'ত মানুহে মাটিৰ তলত বাস কৰে। এই ঠাইখন আফ্ৰিকা দেশৰ টুনিচিয়াত অৱস্থিত। এই অঞ্চলটো দজেবেল দাহাৰ অঞ্চল বুলি জনা যায় । এই অঞ্চলৰ মানুহে এতিয়াও বহু বছৰ পুৰণি ঘৰত বসবাস কৰে। এই ঘৰ সমূহ সাধাৰণতে মাটিৰ তলত থাকে ।  মাটিৰ ভিতৰত থকা এই গাওঁ খনক তিজ্মা গাওঁ নামেৰেও জনা যায়।   এই ঘৰ সমূহ প্ৰায় ১০০ বছৰ পুৰণি যদিও এই ঘৰ সমূহত সকলো সা- সুবিধাও উপলব্ধ আছে ।

এই অঞ্চলত মাটিৰ তলত ঘৰ সজাৰ কাৰণ হ'ল, এই অঞ্চলত হোৱা গৰম বতাহৰ পৰা পৰিত্ৰাণ পোৱা । মাটিৰ তলত থকা ঘৰ সমূহ সাধাৰণতে মাটিৰে নিৰ্মিত হয় । যাৰ ফলত ঘৰ সমূহ কিছু ঠাণ্ডা হয়। এই ঘৰ সমূহ এনে ধৰণে বনোৱা হৈছে যাতে ঘৰ সমূহত বায়ু বতাহৰ লগতে অক্সিজেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় ।

  এই অঞ্চলৰ প্ৰায় ভাগ মানুহে খেতি কৰি জীৱিকা নিৰ্বাহ কৰে । কিন্তু বহু লোক লাহে লাহে চহৰলৈ স্থনান্তৰ হবলৈ ধৰিছে । যি সকল লোকে মাটিৰ তলত ঘৰ নিৰ্মান কৰি আছে । তেওঁলোকে কয় যে তেওঁলোকে নিজৰ মাটি আৰু সংস্কৃতিক  সন্মান তথা আদৰ কৰে । যাৰ বাবে তেওঁলোকে এই ঘৰ সমূহ ত্যাগ কৰিব নোৱাৰে। 

বৰ্তমান এই অঞ্চল পৰ্যটন কেন্দ্র হৈ পৰিছে। এই অদ্ভুত অঞ্চল চাবলৈ দূৰ দূৰণিৰ পৰা বহুতে পৰ্যটক অহা দেখা যায়।  এই পৃথিৱীখন সচাঁকৈ অদ্ভুত এফালে মানুহে মঙ্গল গ্ৰহত বাস কৰাৰ চিন্তা কৰিছে আৰু আনফালে মানুহে মাটিৰ তলতে বসবাস কৰি আছে। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.