৭০ বছৰে অনাহাৰে থকা ব্যক্তি জন | A person who has been starving for 70 years

 ৭০ বছৰে অনাহাৰে থকা ব্যক্তি জন 

৭০ বছৰে অনাহাৰে থকা ব্যক্তি জন | A person who has been starving for 60 years

  আপুনি বা মই অনাহৰে ২৪ঘন্টা থাকিবলৈ  পৰাটো অসম্ভৱ।পানী এটুপি নোখোৱাকৈ থকা কথা হয়তো আমি কল্পনাই কৰিব নোৱাৰো। এই বিশ্বত এনে এজন মহান লোক আছিলে যি এদিন নহয় দুদিন নহয় ৭০বছৰ ধৰি অনাহাৰে কটাইছিল।

 গুজৰাটৰ নিবাসীপ্ৰহ্লাদ জানী নামৰ ব্যক্তি জনে অন্নৰ নামত খাদ্যৰ সৰু টুকুৰা এটাও নাখাই জীয়াই আছিল।জানিবলৈ পোৱা মতে তেওঁ ১০বছৰ বয়সৰ পৰাই সংসাৰৰ মায়া  মোহ এৰি সম্পূৰ্ণ এবছৰ "অম্বা মাৰ "সেৱা কৰিছিল।"আম্বা মাৰ " কৃপাত তেওঁৰ ভোক বা পিয়াহ একো অনুভবে কৰা নাছিল। তেওঁ এসময়ত  "আম্বা মাৰ" ভক্তত ইমানেই ভক্ত পৰায়ন হল যে তেওঁ এগৰাকী বিবাহিতা মাইকী মানুহৰ দৰে সেন্দুৰ,খাৰু,নাকফুলি আদি পিন্ধিবলৈ লৈছিল। তেওঁ আম্বাজী মন্দিৰৰ ওচৰত বসবাস কৰিছিল। 

বিভিন্ন গবেষক আৰু বিখ্যাত ডাক্তৰেও ন ন পৰীক্ষা কৰিছিল যদিহে তেওঁলোকে বিশেষ একো পোৱা নাছিল। "T.R.O.D "ৰ এটা সংস্থাই এমাহ ধৰি (c.c.t.v) জৰিয়তে তেওঁ ক নিৰীক্ষণ কৰিছিল কিন্তু তেওলোকো সফল নহৈছিল। তেওঁ অন্নৰ নামত এটা দানাও খোৱা নাছিল নতুবা পানী আনকি তেওঁ শৌচ  প্ৰস্বাৱ কৰা নাছিল। বিভিন্ন পৰীক্ষাৰ অন্তত পোৱা গৈছিল যে তেওঁৰ শৰীৰত ইউৰিন সৃষ্টি হয় ঠিকেই কেনেকৈ  কতনাইকিয়া হৈ যায় সেই কথা কেতিয়াও ধৰিব পৰা নাছিলে।

প্ৰহ্লাদ জানীৰ মৃত্যু ২০২০ চনৰ ২৬মে ত হয়।এই অদ্ভুত ক্ৰিয়াই বৈজ্ঞানিক জগত খনিত এক  বিচিত্র প্ৰভাৱ পেলাইছিলে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.