পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখন য'ত মাত্র ২ জন মানুহ থকিব পাৰে
আমি এই পৃথিৱীত সৰু বৰ বহুতো বস্তু দেখো। কিছুমান আমাৰ মনত থাকে আকৌ কিছুমান পাহৰি যাওঁ। আজি আমি আলোচনা কৰিম পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখনৰ কথা, যাৰ কথাই আপোনাক এক বিশেষ চমক দিব।
পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখনৰ নাম হৈছে ভিন্টেজ ভক্সৱাগন বিটল হোটেল আৰু ই দক্ষিণ-পশ্চিম এছিয়াৰ আকাবা উপসাগৰৰ দক্ষিণে জৰ্ডানত অৱস্থিত। এই সৰু হোটেলখন ২০১১ চনত আৰম্ভ কৰা হৈছিল।
আহ'কচোন জানি লওঁ এই হোটেলৰ কিছুমান বিশেষত্ব -
১) এই ভিনটেজ ভক্সৱাগন বিটল হোটেলখন কোনো অট্টালিকাত নহয় এই হোটেলখন এখন গাড়ীত অৱস্থিত।
২) এই হোটেলখন হস্তনিৰ্মিত এমব্ৰইডেৰী শ্বীট আৰু গাৰুৰে সজোৱা হৈছে।
৩) এই হোটেলখন ডাঙৰ শিলৰ মাজত থিয় হৈ আছে। সেইবাবে ইয়ালৈ অহা লোকসকলে ধুনীয়া দৃশ্য উপভোগ কৰিব পাৰে।
৪) এই হোটেলখনত থকা লোকসকলক ওচৰৰ গুহাত আল-মালাইম স্থানীয় পনীয় আৰু জলপান পৰিৱেশন কৰা হয়।
৫) এই হোটেলখনৰ আন এটা বিশেষত্ব হ’ল যে এবাৰত কেৱল দুজন মানুহহে ইয়াত থাকিব পাৰে। যাৰবাবে এই হোটেলখন প্ৰেমিক বা দম্পতিসকলৰ বাবেহে অধিক উপযোগী ।
৬) ইয়াত থকা অতিথিসকলে দিনে প্ৰায় ৫৬ ডলাৰ অৰ্থাৎ দিনে প্ৰায় চাৰি হাজাৰ টকা হোটেলৰ ভাড়া হিচাপে পৰিশোধ কৰিব লাগে।
৭) এই বিশেষ হোটেলখনত থাকিবলৈ হ’লে আগতীয়াকৈ বুকিং কৰিব লাগে । সেয়েহে মানুহে বহু সময় অপেক্ষা কৰিবলগীয়া হয় ইয়াত থাকিবলৈ ।
বৰ্তমান এই হোটেলখন সমগ্র বিশ্বতে বিখ্যাত হৈ পৰিছে। এই ‘মিনি হোটেল’খনৰ মালিক মহম্মদ আল-মালাহম জানিবলৈ দিয়ে যে, তেওঁ সদায় এনে এক পৰ্যটন প্ৰকল্পত কাম কৰিব বিচাৰিছিল, যিয়ে নিম্নতম স্থান ব্যৱহাৰ কৰে আৰু প্ৰকল্প পৰ্যটনৰ ক্ষেত্ৰত নিজৰ চিহ্ন এৰি যাব পাৰে আৰু তেওঁৰ এই সংকল্প বৰ্তমান বাস্তবায়িত হোৱাৰ দিশত। সেয়েহে মানুহে সপোন চাব লাগে। তেতিয়াহে সপোনক দিঠকলৈ পৰিৱৰ্তন কৰিব পাৰি।