ইংলেণ্ডৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল Munni Munni Badnaam Hui'!
সংগীতে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। সংগীতৰ ৰস পান কৰি বহুতে নিজৰ দুখ কষ্টবোৰ পাহৰিব খোজে আকৌ বহুতে নিজৰ দুখ কষ্টবোৰ সংগীতৰ মাধ্যমেৰে উলিয়াই দি বুকুখন পাতল কৰে । প্ৰেমিক প্ৰেমিকাই সংগীতৰ যোগেদি ইজনে সিজনক প্ৰেমৰ বাৰ্তা পঠিয়াই আকৌ প্ৰেম বিচ্ছেদৰ সময়ত এই সংগীতকেই একমাত্র লগৰী কৰি লয় । সংগীত বহুতো ৰচনা হয় কিছু চিৰসেউজীয়া হৈ ৰয় আকৌ কিছুমান সময়ৰ সূতত পাহৰনিৰ গৰ্ভত বিলীন হয়।
ভাৰতীয় সংগীতপ্রেমীসকলৰ বাবে ভাল খবৰ কিয়নো ইংলেণ্ডত শিক্ষা বিভাগৰ দ্বাৰা আৰম্ভ কৰা নতুন সংগীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাটাও বলীউদৰ জনপ্ৰিয় গীত।যাৰ ভিতৰত আটাইতকৈ অধিক চৰ্চা লাভ কৰিছে বলীউদৰ জনপ্ৰিয় ছবি ডাবাঙৰ চাৰ্টবাষ্টাৰ গীত 'Munni Munni Badnaam Hui'! তাৰোপৰি বলিউডৰ আন কিছু গীত, যেনে :-কিশোৰী আমোঙ্কাৰৰ 'Saheli Re', অনুষ্কা শংকৰৰ 'Indian Summer', এ আৰ ৰহমানৰ 'Jai Ho' আদি এই পাঠ্যক্ৰমত স্থান লাভ কৰিছে । উল্লেখ যে, ইংলেণ্ডৰ পৰা অহা ১৫ জনীয়া সংগীত শিক্ষা বিশেষজ্ঞ – শিক্ষক, শিক্ষা নেতা আৰু সংগীতজ্ঞৰ এটা পেনেলে এই তালিকা প্ৰস্তুত কৰিছে।
বৰ্তমান এই বাতৰিয়ে সকলো সংগীতপ্ৰেমীকে উৎফুল্লিত কৰি তুলিছে । বাতৰিটো শ্বেয়াৰ কৰি, মুন্নী বদনাম হুই গানটোত অভিনয় কৰা মালাইকা অৰোৰাই নিজৰ ইনষ্টাগ্ৰামত নিজৰ আনন্দ প্ৰকাশ কৰিছে।
ভাৰতীয় সংগীতে বিদেশী পাঠ্যক্ৰমত স্থান লাভ কৰাটো ভাৰতীয় সংগীত জগতৰ বাবে এটা ভাল লক্ষণ। ইয়াৰ দ্বাৰা ভাৰতীয় সংগীতজ্ঞ সকলে উৎসাহ লাভ কৰিব আৰু আমাক চিৰসেউজীয়া গীত উপহাৰ দি যাব।