কৰোণা মহামাৰীকো আওকাণ কৰি নামভৰ্তিৰ বাবে আগবাঢ়িছে কনিষ্ঠ মহাবিদ্যালয় সমূহ
বৰ্তমান পৰিস্থিতি কিমান ভয়াবহ সেয়া সকলোৰে জ্ঞাত । পুনৰ লক ডাউনৰ দিশে গতি কৰিছে সমগ্ৰ ৰাজ্য । ইয়াৰ মাজতো কেৱল ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰিয়েই কিছু সংখ্যক মানুহে কিছুমান বিশেষ ব্যৱস্থা হাতত লৈছে , ইয়াৰ ব্যতিক্ৰম ঘটা নাই কনিষ্ঠ মহাবিদ্যালয় সমূহৰ ক্ষেত্ৰতো ।
যি সময়ত চৰকাৰে সকলো ধৰণৰ বিদ্যালয় , বাণিজ্যিক প্ৰতিষ্ঠান , সভা সমিতিৰ লগতে বন্ধ কৰি দিছে ৰঙালী বিহুৰ অনুষ্ঠান সমূহো , সেই সময়তো নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু কনচেপ্ট জুনিয়ৰ কলেজে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আনুষ্ঠানিক ভাৱে জাননী জাৰী কৰাত আচম্বিত হৈছে সকলো ।
চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী - বেচৰকাৰী শিক্ষানুষ্ঠান । নগাঁও জিলাত সদায় বৃদ্ধি হৈছে কৰোণা আক্ৰান্তৰ সংখ্যা , ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ উপায়ুক্ত শ্ৰীমতী কবিতা পদ্মনাভেও চৰকাৰৰ এই নিৰ্দেশ মানি লোৱা দেখা গৈছে । ইয়াৰ উপৰিও জিলাখনত নিতৌ ২৫০ৰ পৰা ২৮০ জনকৈ কভিড' ৰোগী পোৱা গৈছে ।
এই সময়ছোৱাতে কনিষ্ঠ মহাবিদ্যালয় দুখনৰ এনে কাৰ্যই চকু কপালত উঠাইছে সকলোৰে । অহা ২২ মে' তাৰিখে অনুষ্ঠিত হ'ব ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ কলা আৰু বিজ্ঞান শাখাৰ বাচনি পৰীক্ষা । কলা শাখাৰ বাচনি পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে দশম শ্ৰেণীৰ ইংৰাজী আৰু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু বিজ্ঞান শাখাৰ বাচনি পৰীক্ষাৰ বাবে দশম শ্ৰেণীৰ ইংৰাজী, সাধাৰণ গণিত ,সাধাৰণ বিজ্ঞান আৰু বিশেষ প্ৰতিভা বিষয়ৰ চাৰিটা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । এই বাচনি পৰীক্ষাৰ ফলাফলে ছাত্ৰ - ছাত্ৰীসকলৰ নামভৰ্তি নিৰ্ধাৰণ কৰিব ।
আনহাতে কনচেপ্ট জুনিয়ৰ কলেজত নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠান খনৰ তথ্য সম্বলিত হাত পুথি ১২ মে'ৰ পৰা দিয়াৰ লগতে ১৭ মে' তাৰিখে নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰী কৰিছে । ছাত্ৰ- ছাত্ৰীসকলে দশম শ্ৰেণীৰ প্ৰি-টে'ষ্টত লাভ কৰা নম্বৰ ওপৰত ভিত্তি কৰিয়েই নামভৰ্তিৰ বাবে বাচনি কৰা হ'ব । এই বাচনি প্ৰক্ৰিয়া অনলাইন যোগে হোৱাৰ লগতে অফলাইন যোগেও কৰাৰ ব্যৱস্থা কৰা হ'ব ।
কনিষ্ঠ মহাবিদ্যালয় দুখনৰ এই কাৰ্যৰ বিৰোধিতা কৰি শিক্ষাবিদ তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই জিলা উপায়ুক্তৰ জৰিয়তে উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবলৈ দু খন প্ৰত্ৰ প্ৰেৰণ কৰিছে । কেৱল নিজ স্বাৰ্থ সিদ্ধিৰ বাবেই এনে ধৰণৰ ব্যৱস্থা হাতত লোৱাতো কিমান গ্ৰহণ যোগ্য ?