লকডাউনত আপুনি কেনেকৈ উপাৰ্জন কৰিব? | How do you make money on lockdown? | Times Guwahati

 লকডাউনত আপুনি কেনেকৈ উপাৰ্জন কৰিব? 

লকডাউনত আপুনি কেনেকৈ উপাৰ্জন কৰিব? | How do you make money on lockdown? | Times Guwahati


সমগ্র ভাৰততে ক’ৰোনা ৰোগৰ দ্বিতীয় ঢৌৱে গ্ৰাস কৰিব ধৰিছে। যাৰ ফলত ভাৰতৰ বিভিন্ন ৰাজ্যত লকডাউন ঘোষণাৰ লগতে অসমতো ইয়াৰ পূর্ণ সম্ভাৱনা গঢ়ি উঠিছে ।  এই  লকডাউনে সকলো মানুহৰ জীৱন স্তব্ধ কৰি তুলে আৰু লগে লগে বন্ধ হৈ পৰে উপাৰ্জনৰ পথ সমূহ । কিন্তু আমাৰ দৈনিক প্ৰয়োজন সমূহ পূৰণ কৰিবলৈ এই লকডাউনতো আমাক প্ৰয়োজন হয় টকাৰ, যাৰ বাবে প্ৰয়োজন হয় কিছুমান উপাৰ্জনৰ মাধ্যমৰ। আজি আমি আলোচনা কৰিম এনে কিছুমান মাধ্যমৰ বিষয়ে যাৰ দ্বাৰা আপুনি লকডাউনতো ঘৰত বহি টকা উপাৰ্জন কৰিব পাৰিব। 

Online class :- আপুনি যদি এজন শিক্ষক বা শিক্ষাদান কৰাবলৈ আগ্রহী তেন্তে আপুনি ঘৰত বহি বিভিন্ন মাধ্যমৰ যোগেদি ছাত্র- ছাত্রী সকলক online পাঠদান কৰি টকা উপাৰ্জন কৰিব পাৰে। 

YouTube channel :- আপুনি যদি কোনো বিশেষ প্ৰতিভাৰ অধিকাৰী বা কোনো ক্ষেত্রত যদি আপোনাৰ উপযুক্ত জ্ঞান আছে, তেন্তে আপুনি YouTube Channel ত ভিডিঅ'ৰ যোগেদি নিজৰ প্ৰতিভা তথা জ্ঞান পৰিৱেশন কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। 

Mask  তৈয়াৰ :- ক’ৰোনা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি Mask পৰিধান কৰাটো আৱশ্যক । এই Mask আপুনি ঘৰতে বহি অতি কম খৰচতে  বনাব পাৰে আৰু ইয়াক বিক্রী কৰি আপুনি লাভৱান হ'ব পাৰে। 

Online Marketing :- লকডাউনত মানুহে যিহেতু বস্তু ক্ৰয় কৰিবলৈ বাহিৰলৈ যাব নোৱাৰে ,গতিকে বৃদ্ধি পায় online Shoping ৰ চাহিদা । এনে বহুতো কোম্পানি আছে যিয়ে OnlineMarketing ৰ  দ্বাৰা উপাৰ্জনৰ সুবিধা প্ৰদান কৰে আৰু ইয়াৰ দ্বাৰা আপুনিও টকা উপাৰ্জন কৰিব পাৰে  । 

Content Writing  : - আপুনি যদি এজন লিখক আৰু  লিখি ভাল পায়, তেন্তে আপুনি ঘৰত বহিয়েই Content writing ৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰে। 

   লকডাউনত যিহেতু মানুহ আৰ্থিকভাৱে দূৰ্বল হৈ পৰে গতিকে, এই মাধ্যমসমূহ অৱলম্বন কৰি আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.