Chewing gum গিলি দিলে আপোনাৰ মৃত্যু হ'ব পাৰে নেকি | What happen if chewing gum Swallowing

 Chewing gum গিলি দিলে আপোনাৰ মৃত্যু হ'ব পাৰে নেকি

Chewing gum

সৰুৰ পৰা ডাঙৰৰ লৈকে ভালপোৱা এবিধ খাদ্য হৈছে Chewing gum । Center fresh, babbul gum আদিৰ দৰে বহু বিধৰ Chewing gum বজাৰত উপলব্ধ । সুস্বাদু হোৱাৰ বাবেই হয়তো এই বিধ খাদ্য সকলোৰে প্ৰিয় । কিন্তু প্ৰতিটো খাদ্য খোৱাৰ এটা নিৰ্দিষ্ট পৰিমাণ আৰু ধৰণ আছে ।

সেয়ে  Chewing gum সমূহ চোবাই এটা নিৰ্দিষ্ট পৰ্যায়ত পেলাই দিব লাগে । কিছু কিছু ক্ষেত্ৰত দেখা যায় যে ভুলক্ৰমে কোনো ব্যক্তিয়ে ইয়াক গিলি দিয়ে , এনে কৰিলে আমাৰ ক্ষতি নহ'ব‌ও পাৰে যদিহে আমি কোনোৱা এদিন এই কাম কৰোঁ । কোৱা হয় যে  Chewing gumসমূহ মানুহৰ পেটত ৭ বছৰ পৰ্যন্ত একে অৱস্থাতে ৰৈ যায় , কিন্তু এইয়া সম্পূৰ্ণ ভুল ধাৰণা ।  Chewing gum বোৰ আমাৰ পাকস্থলীত ২ৰ পৰা ৩ দিনৰ লৈকে জমা হৈ থাকে যদিও বিভিন্ন ক্ৰীড়াৰ ফলত ই আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় । 

কিন্তু যিসকল ব্যক্তিয়ে এই কাম প্ৰায়ে কৰে তেওঁ লোকৰ কাৰণে Chewing gumএ বিপদ মাতি আনিব পাৰে । একেৰাহে জমা হোৱা বহু সংখ্যক Chewing gum এ পাকস্থলীত বিভিন্ন গেছৰ সৃষ্টি কৰিব যাৰ ফলত সঘনাই পেটৰ বিষ , বমি আদি হ'ব পাৰে। Chewing gum ল'ৰা ছোৱালীৰ খুবেই প্ৰিয়, ঠিক সেইদৰেই ক্ষতিকাৰকো । 

ইংৰাজীত এষাৰ কথা আছে নহয় Too much is very bad । 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.