২৭ বছৰীয়া বৈবাহিক সম্পর্ক বিচ্ছেদ কৰিলে বিল গেইটছে | Bill Gates And Melinda Gates Divorce

 ২৭ বছৰীয়া বৈবাহিক সম্পর্ক বিচ্ছেদ কৰিলে বিল গেইটছে। 

মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ  ৩ টা সময় হৈছে জন্ম, মৃত্যু আৰু বিবাহ। মানুহে নিজৰ গোটেই জীৱনটো অকলশৰীয়াকৈ কটাৱ নোৱাৰে আৰু সেই বাবে প্ৰয়োজন হয় এজন জীৱন সংগীৰ। মানুহে নিজৰ জীৱন সংগী বিচাৰি লয় আৰু তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হয় ।  এনেকৈয়ে হয় দুটা আত্মাৰ মিলন আৰু দুয়ো মিলি এক নতুন জীৱন যাত্রাৰ পাতনি মেলে ।  সকলোৱে নিজৰ জীৱন সংগীৰ লগত জীৱনৰ শেষ মূহুর্তলৈকে একেলগে থকাৰ  সপোন দেখে । এই সপোন বহুতৰে বাস্তৱায়িত হয়, যদিও কিছুমান এনে সম্পর্ক থাকে যি জীৱনৰ মাজবাটতে মৰহি যায় আৰু অৱশেষত বিবাহ বিচ্ছেদৰ দৰে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। বৰ্তমান এনে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেইটছ আৰু তেওঁৰ পত্নী মেলিণ্ডাই  । তেওঁলোকৰ বৈবাহিক সম্পর্কৰ ২৭ বছৰীয়া প্ৰেমৰ শিকলিডাল চিঙি এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। 

Earn money by KOKO QUiz

Download NOW

উল্লেখ্য যে, বিল গেইটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেইটছক প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত  লগ পাইছিল। সেই সময়ত মেলিণ্ডাই মাইক্ৰছফ্টত প্ৰডাক্ট মেনেজাৰ হিচাপে কাম কৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছত দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়ো ১৯৯৪ চনত হাৱাইৰ লানি দ্বীপত বিবাহপাশত আৱদ্ধ হৈছিল আৰু যোৱা ২৭ বছৰ ধৰি দুয়ো নিজেৰ ৩ সন্তানকলৈ এক সুখী জীৱন যাপন কৰি আছিল । কিন্তু হঠাৎ তেওঁলোকৰ সম্পর্কৰ শিকলীডালত মামৰে ধৰিলে আৰু চিঙি গ'ল সকলোবোৰ সম্পর্কৰ বান্ধোন ।      


গেইটছ দম্পতীয়ে এটা যুটীয়া বিবৃতি জাৰি কৰি জনায় যে তেওঁলোকে আৰু একেলগে থাকিব নোৱাৰে। যাৰ বাবে তেওঁলোকে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু তেওঁলোকৰ যি ব্যৱসায়িক সম্পর্ক সেয়া সদায় অটুট থাকিব আৰু তেওঁলোকে নিজৰ সংগঠনটোৰ বাবে একেলগে কাম কৰি যাব। 


বিশ্বৰ আগশাৰীৰ  ব্যৱসায়িক বিল গেইটছ আৰু তেওঁৰ পত্নীৰ বিবাহ বিচ্ছেদৰ খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। যি সকল ব্যক্তিয়ে ইমান দিনে ভাৱি আহিছিল টকা পইচাৰ দ্বাৰা সকলো সম্পর্ক কিনিব পাৰি , সেই ব্যক্তিসকলৰ ধাৰণাৰ বিপক্ষে ই এক উদাহৰণ হ'ব পাৰে। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.