পেট্ৰল পাম্পত তেল ভৰাওঁতে লবলগীয়া সাৱধানতা সমূহ
মানৱ সমাজৰ অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ভিতৰত পেট্ৰল আৰু ডিজেল জাতীয় ইন্ধন সমূহে জনজীৱনত বিশেষ ভূমিকা গ্ৰহণ কৰে। বৰ্তমান সময়ত এই পেট্ৰল আৰু ডিজেলৰ দিনকদিনে হোৱা আকাশলম্ভী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাইছে। এনেক্ষেত্ৰত পেট্ৰল পাম্পৰ গৰাকীয়ে গ্ৰাহকক ঠগবাজিৰে কম পৰিমাণৰ পেট্ৰল তথা ডিজেল প্ৰদান কৰি টকা উপাৰ্জন কৰাৰ পন ৰছে। আমাৰ ৰাজ্য তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিভিন্ন সময়ত এনে পেট্ৰল চুৰি কাৰ্যৰ বাতৰি সংবাদমাধ্যমত দেখিবলৈ পোৱা যায়। গতিকে এনেক্ষেত্ৰত আমি পেট্ৰল পাম্প সমূহত তেল ভৰাওতে অধিক সাৱধানতা অৱলম্বন কৰিব লাগে।
আজি আমি এনেকুৱা ১০ তা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আলোচনা কৰিম, যি কেইটা যদি আমি মানি চলোঁ তেতিয়া পেট্ৰল পাম্পত সঘনাই হোৱা যিকোনো ধৰণৰ ঠগবাজিৰ পৰা আমি নিজকে বচাব পাৰিম।
১/ আমি পেট্ৰল পাম্পত কেতিয়াও পূৰ্ণ সংখ্যাত তেল ভৰাব নালাগে, আমাৰ সৰহ সংখ্যক লোকে তেল ভৰাওঁতে ১০০,২০০ বা ৫০০ টকাৰ তেল ভৰাবলৈ নিৰ্দেশ দিয়ে। এনেক্ষেত্ৰত কিছুমান চতুৰ পেট্ৰল পাম্পৰ গৰাকীয়ে পূৰ্ণ অংকবোৰ আগতীয়াকৈ মেচিনটোত fix কৰি থয়, যাৰ ফলত আমি ঠগন খোৱাৰ অধিক আশংকা থাকে। গতিকে আমি পূৰ্ণ সংখ্যাতকৈ ১০-২০ টকা অধিক বা কম কৈ ভৰাব লাগে। যেনে- ১২০, ২১০,৫১০ ইত্যাদি।
২/ আমি আমাৰ বাহন খনৰ তেলৰ টেংকী কেতিয়াও খালী ৰাখিব নালাগে। এনেক্ষেত্ৰত খালি টেংকীত তেল ভৰালে আমি লোকচানৰ সন্মুখীন হব লগীয়া হয়, কিয়নো বাহন এখনৰ টেংকী খালি হৈ থকাৰ ফলত তাত অধিকাংশ ঠাই বায়ুৰ আৱৰি থাকে, আৰু তাত তেল ভৰুৱাৰ ফলত কিছু তেল তাত থকা বায়ুৰ ফলত বাষ্পীভূত হৈ যায়। গতিকে কমেও আধা পৰিমাণৰ তেল টেংকীত থকাটো উচিত।
৩/ আমি সাধাৰণতে বিভিন্ন পেট্ৰল পাম্পৰ পৰা তেল ভঁৰাও, এনেক্ষেত্ৰত কিছু পেট্ৰল পাম্পৰ গৰাকীয়ে তেলৰ ভেজালকৰণ কৰে,গতিকে আমি আমাৰ বাহন খনৰ সঘনাই মাইলেজ পৰীক্ষা কৰি থাকিব লাগে। যাৰ দ্বাৰা আমি বিভিন্ন পেট্ৰল পাম্পৰ তেলৰ গুণাগুণৰ বিষয়ে জ্ঞাত হব পাৰো ।
৪/ আমি সদায় ডিজিটেল মিটাৰ সংযুক্ত পেট্ৰল পাম্পতহে তেল ভৰোৱা উচিত। কিয়নো পুৰণি পেট্ৰল পাম্প সমূহৰ মেচিন তথা মিটাৰ সমূহো পুৰণি হয়, আৰু এই মেচিন বোৰত কম পৰিমাণৰ তেল পোৱাৰ বেছি আশংকা থাকে।
৫/ তেল ভৰুৱাৰ আগত মিটাৰটো reset কৰিছেনে নাই ভালদৰে লক্ষ্য কৰিব লাগে। কেতিয়াবা এনেকুৱা হয় যে পেট্ৰল পাম্পৰ কৰ্মচাৰী সমূহে বেলেগ এখন গাড়ীত তেল ভৰাই মিটাৰটো reset নকৰাকৈয়ে আপোনাৰ গাড়ীত তেল ভৰাবলৈ আৰম্ভ কৰে। যাৰ ফলত গম নোপোৱাকৈয়ে যথেষ্ট লোকচানৰ সন্মুখীন হব লগীয়া হয়। উদাহৰনস্বৰূপে- কেতিয়াবা আপুনি ৫০০ টকাৰ তেল ভৰাব গৈছে আৰু আপোনাৰ আগতে অন্য এজন লোকে ১০০ টকাৰ তেল ভঁৰাইছে আৰু কৰ্মচাৰী জনে reset নকৰাকৈয়ে আপোনাক তেল দিবলৈ ধৰিছে, এনেক্ষেত্ৰত আপোনাৰ পৰা ৫০০ টকাই লব কিন্তু আচলতে আপুনি ৪০০ টকাৰ তেল হে লাভ কৰিব। গতিকে তেল ভৰোৱাৰ আগত মিটাৰ সদায় reset কৰিব লাগে।
৬/ কিছু লোকে গাড়ীত তেল ভৰুৱাৰ সময়ত গাড়ীৰ পৰা নামি নাহে, যাৰ বাবে কেতিয়াবা ঠগন খাব লগীয়া হয়, কেতিয়াবা এনেকুৱা হয় আমি গাড়ীত বহি থকা অৱস্থাতেই পেট্ৰল দিয়া কৰ্মচাৰীজনে আমি গম নোপোৱাকৈয়ে ইয়াৰ সুবিধা লব বিচাৰে আৰু কিছু খেলিমেলি কৰে, গতিকে গাড়ীত তেল ভৰাওঁতে সদায় গাড়ীৰ পৰা নামি গৈ ভালদৰে সকলোবোৰ নিৰীক্ষণ কৰিহে তেল ভৰোৱা উচিত।
৭/ তেল ভৰোৱা সময়ত আমি এইটো মন কৰা উচিত যে, তেল ভৰোৱাৰ শেষত তেলৰ পাইপত যাতে তেল ৰৈ নাযায়, সাধাৰণতে পেট্ৰল পাম্পৰ কৰ্মচাৰী সমূহে তেল ভৰাই থকাৰ অৱস্থাত Autocut হোৱাৰ লগে লগে পাইপৰ নজেল ডাল গাড়ীৰ পৰা উলিয়াই নিয়ে, ইয়াৰ ফলত পাইপডালত তেলৰ কিছু অৱশিষ্ট থাকি যায়। গতিকে এনেক্ষেত্ৰত আমি autocut হোৱাৰ লগে লগে কিছু চেকেণ্ডৰ পাছতহে পাইপৰ নজেল ডাল উলিয়াব দিব লাগে, যাতে তাত থকা সম্পূৰ্ণ তেল খিনি ওলাই আহে।
৮/ পেট্ৰল পাম্পত তেল ভৰাওতে আমি তেলৰ পাইপৰ নজেলৰ চুইছ টোলৈ আমি বিশেষভাৱে মন কৰিব লাগে। তেল ভৰাই থকাৰ সময়ত নজেল তোৰ পৰা হাত খন আঁতৰাই ৰাখিব লাগে, যদিহে সেইটো টিপি ধৰি থাকে তেতিয়া তেল ওলোৱাৰ গতি হ্ৰাস পায় আৰু তেল চুৰি হোৱাৰ আশংকা থাকে।
৯/ কিছু কিছু পেট্ৰল পাম্পত তেল ভৰোৱাৰ সময়ত তাত থকা কৰ্মচাৰীসকলে আপোনাৰ মনোযোগ আতৰাবৰ বাবে চলাহী কথা কৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেখেতলোকে পেট্ৰল চুৰি কৰিব সক্ষম হয়, গতিকে তেল ভৰোৱাৰ সময়ত আমাৰ ধ্যান কেৱল মিটাৰ আৰু পাইপৰ নজেলৰ ওপৰত ৰাখিব লাগে।
১০/ তেল ভৰাওঁতে আমি তেলৰ মিটাৰটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে, কেতিয়াবা মিটাৰটো খুব দ্ৰুত গতিত চলা দেখা যায়, ফলত তেল সঠিক মাত্ৰাত পোৱা নাযায়, তেনে অৱস্থাত আমি মিটাৰ টোৰ গতি কম কৰিবৰ বাবে কব লাগে, যাতে আমি সঠিক পৰিমানে তেল পাব পাৰো।
শেষত এনেদৰেই যদি আমি সকলো সাৱধান তথা সতৰ্ক হওঁ তেনেহলে পেট্ৰল বা ডিজেল ভৰুৱাৰ ক্ষেত্ৰত আমাৰ কষ্টোপাৰ্জিত টকা আমি অথলে যোৱাৰ পৰা বচাব পাৰিম।