কিছুমান ভ্ৰান্ত তথা নজনা কথাৰ ভঁৰাল : know real facts

কিছুমান ভ্ৰান্ত তথা নজনা কথাৰ ভঁৰাল

কিছুমান ভ্ৰান্ত তথা নজনা কথাৰ ভঁৰাল : know real facts

আমাৰ এই পৃথিৱীখন এটা অদ্ভুত গ্ৰহ। সেয়েহে ইয়াত বহুতো অদ্ভুত ঘটনা ঘটি থাকে।  ঠিক তেনেদৰে আমাৰ জীৱনটোও কিছুমান অদ্ভুত ঘটনাৰ সমষ্টি, জীৱনটো আমাৰ নিজৰ যদিও আমি কিন্তু ইয়াৰ বিষয়ে সম্পূর্ণ জ্ঞাত নহয়। তাৰোপৰি আমি আমাৰ জীৱন তথা আশে পাশে ঘটি থকা ঘটনা সমূহৰ বিষয়ে কিছুমান ভ্ৰান্ত ধাৰণা লৈ জীৱন নিৰ্বাহ কৰি আছো । আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এনে কিছুমান ভ্ৰান্ত তথা নজনা কথাৰ সমষ্টি, যাক শুনি আপুনিও নিজৰ জ্ঞান বৃদ্ধিৰ এক সুযোগ লাভ কৰিব। 

১) আমাৰ এটা ভ্ৰান্ত ধাৰণা আছে যে, ঘোৰা আটাইতকৈ তীব্র বেগি  জন্তু আৰু উটে আধিক দিনলৈ পানী সেৱন নকৰাকৈ থাকিব পাৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে আটাইতকৈ তীব্র বেগী তথা অধিক দিন পানী সেৱন নকৰি থাকিব পৰা জন্তুটোৰ নাম হৈছে জিৰাফ। 

২) আমাৰ যেতিয়া চুলি সৰি মাটিত পৰে, তেতিয়া এক শব্দৰ সৃষ্টি হয়। যি  শব্দ কেৱল পৰুৱাৰ দৰে পোক - পতঙ্গই শুনা পাই। আমাৰ আশে পাশে তেনে বহু শব্দৰ গঠন হয় যদিও আমি কেৱল তাৰে কিছু শব্দহে শুনা পাওঁ। 

৩) আমাৰ সমগ্র পৃথিৱীত থকা মানুহৰ যিমান ওজন হ'ব ঠিক সিমান ওজনৰ পৰুৱা আমাৰ পৃথিৱীত মজুদ আছে  । ইয়াৰ পৰা সমগ্র পৃথিৱীত কিমান পৰুৱা আছে তাক অনুমান কৰিব পাৰি। 

৪) আমাৰ কল্পনা আমাৰ জ্ঞানতকৈ অধিক গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ কল্পনাই আমাৰ ভৱিষ্যত নিৰ্মাণ কৰে। এক গৱেষণাত প্ৰকাশ পাইছে যে ৮০ %  মানুহৰ ভৱিষ্যত নিজৰ কল্পনাৰ ভিত্তিত গঢ়ি উঠে। 

৫) আপুনি যিমানেই ব্যাম  বা পুষ্টিকৰ খাদ্য গ্রহণ নকৰক কিয়, বয়স  হৈ অহাৰ লগে লগে আপোনাৰ দৃষ্টি শক্তি কমি আহিবই  আৰু তাক কোনেও বাধা দিব নোৱাৰে। 

৬) মানুহৰ মষ্টিষ্কত ২৪ ঘন্টাত ৬০,০০০ তকৈ অধিক বিচাৰৰ সমাগম ঘটে। কিন্তু তাৰে কিছুমান বিচৰতহে আমি আমাৰ ধ্যান কেন্দ্ৰীভূত কৰিব পাৰো ।

 আমাৰ জ্ঞান যিমানে অৰ্জন নকৰো কিয়, জ্ঞানৰ কোনো  শেষ নাই। মানুহৰ মৃত্যুৰ আগ মুহূর্তলৈকে জ্ঞান লাভ কৰা কাৰ্য্য চলি থাকে যদিও, মানুহে নিজৰ সমগ্র জীৱনত জ্ঞানৰ এটা অংশহে স্পৰ্শ কৰিবলৈ সক্ষম হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.