মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ইতিবৃত্ত : Himanta Biswa Sarma as New CM of Assam 2021
ভাৰতীয় ৰাজনীতিত বহুতো ৰাজনৈতিক নেতাৰ আগমন আৰু নিগমন ঘটি থাকে। কিন্তু ৰাজনৈতিক ইতিহাসৰ পাতত নাম ৰৈ যায়, কিছু মহান তথা প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ। ভাৰতীয় ৰাজনীতিত এনে এক উজ্জ্বল নক্ষত্র হৈছে অসমৰ ৰাজনীতি জগতত খলকনি সৃষ্টি কৰা অসমৰ ১৫ তম মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা । আহক আজি আলোচনা কৰো তেওঁৰ ৰাজনৈতিক জীৱন যাত্রাৰ বিষয়ে।
ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ২০০১ চনত। ২০০১ চনত তেওঁ কংগ্রেছ দল ছত্ৰ ছায়াত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু জয় লাভ কৰে। তেওঁৰ এই জয় যাত্রা ২০০১ পৰা অবিৰত ভাৱে চলি আছিল আৰু তেওঁ ২০১৪ লৈকে জালুকবাৰীৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ পৰা ২০১৪ তেওঁ কংগ্রেছ লগত জড়িত থকা অৱস্থাত তেওঁ কেবিনেট মন্ত্রীৰ দায়িত্বও লাভ কৰিছিল । তেওঁৰ এই কালচোৱাত ক্রমে, শিক্ষা, কৃষি, বৃত্ত, স্বাস্থ্য , Planning & Development আদি বিভাগৰ মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
কিন্তু পৰিৱৰ্তন যেন প্ৰকৃতিৰ এক নিয়ম আৰু এই নিয়মৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মাও বাচিব নোৱাৰিলে। ২০১৪ চনত কংগ্রেছ দলৰ লগত হোৱা এক বিতর্কৰ ফলত তেওঁ কংগ্রেছ দল ত্যাগ কৰে আৰু ২০১৫ চনৰ ২৩ আগষ্ট তাৰিখে তেওঁ ভাৰতীয় জনতা পার্টিত যোগদান কৰে । ইয়াৰ লগে লগে তেওঁৰ জীৱনত আৰম্ভ হয় এক নতুন ৰাজনৈতিক অধ্যায়।
২০১৫ চনত বিধানসভাৰ নিৰ্বাচনত তেওঁ পুনৰ জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ২০১৫ ৰ পৰা ২০২১ চনলৈ ক্ৰমে বিত্ত, স্বাস্থ্য তথা পৰিয়াল পৰিকল্পনা, শিক্ষা, Planning & Development, পৰ্য্যটন, পেঞ্চন তথা ৰাজহুৱা অভিযোগ আদি বিভাগৰ মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনত হোৱা বিধানসভা নির্বাচনে তেওঁৰ জীৱনলৈ এক অভূতপূর্ব পৰিৱৰ্তন আনে কাৰণ এই নিৰ্বাচনত তেওঁ লক্ষ্যধিক ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ ওপৰিও তেওঁ অসমৰ ১৫ তম মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে।
ভাৰতীয় ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ এয়া এটি অধ্যায়হে মাথো, সময়ৰ লগে লগে আৰু বহুতো অধ্যায় ইয়াত সংলগ্ন হৈ গৈ থাকিব আৰু তেওঁৰ ৰাজনীতিক জীৱনৰ ইতিহাসক অধিক দৃঢ় তথা স্মৰণীয় কৰি তুলিব।