"কৰুণা" মহামাৰীৰ পৰা পোৱা বিশেষ শিক্ষা"
" ৰোগ - ব্যাধি অাক্ৰমিব সমস্ত জগত।
মৰিবেক বহু লোক অচিন ৰোগত।।
ৰোগৰ নিৰ্ণয় কৰিবাক নোৱাৰিব।
চিকিৎসকও অৱশেষএ ঈশ্বৰ চিন্তিব।।
উল্লেখিত বাক্যকেইশাৰী আমাৰ গুৰুজনাই প্ৰায় পাঁচশ পঞ্চাছ বছৰৰ আগত কৰা ভৱিষ্যত বাণী।ইয়াৰ তাৎপৰ্য এইয়ে যে --" সমস্ত জগত বা পৃথিৱীখনতে বেমাৰ - আজাৰ বিয়পি পৰিব।বহু লোক অচিন ৰোগত মৃত্যু হব।এই ৰোগক নিৰ্ণয় কৰিব নোৱাৰি,চিকিৎসকও অৱশেষত ঈশ্বৰৰ শৰণাপৰ্ণ হব।"
২০১৯চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰত চিনাক্ত কৰা ৰোগবিধ আৰু পিছত সমগ্র বিশ্বতে বিয়পি পৰা " কৰুণা ভাইৰাছ মহামাৰী" বিধে গুৰুজনাই কোৱা ভৱিষ্যত বাণীৰ তাৰেই প্ৰমাণ নিদিয়েনে? হয়,২০১৯-২০ চনটো সমগ্র বিশ্বই এক গভীৰ সংকটৰ মাজেৰে দিন পাৰ কৰিলে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধইয়ো হয়তো ইমান প্ৰভাৱিত কৰিব পৰা নাছিল,যিমান এই মহামাৰীৰ বিধৰ পৰা হৈছে।বিশ্ববাসীক আৰ্থিকভাৱে কোঙা কৰা,অলেখ মাতৃৰ বুকু উদং কৰা,হাজাৰ সন্তানক নিঠৰোৱা কৰা আৰু অাপোনজনক মিলনৰ পৰা বঞ্চিত কৰা,এই অস্ত্ৰ পাতৰ নামেই হল --" কৰুণা"
কৰুণা মহামাৰীৰ ফলত আমাৰ যি ধ্বংস হল সেয়া আমাৰ বাবে কেতিয়াও পুৰাব নোৱাৰা এক ডাঙৰ ক্ষতি!ই এশ শতাংশই সচাঁ। কিন্তু এই মহামাৰীএ অামাক কিছুমান শিক্ষাও দিলে। শিক্ষা এই এ যেনে ধৰক --
* কৰুণা মহামাৰীএ মানুহৰ মাজত এক ব্যৱধান ( শাৰীৰিক দূৰত্ব) আনিলে।
* এই ভাইৰাছে মানুহক স্বচ্চতা আগ্ৰহী কৰি তুলিলে।মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি স্বচ্চতা অভিযান চলাইছিল সেই ক্ষেত্ৰত প্ৰায় ৬০% লোকহে আগ্ৰহী আছিল।কিন্তু কৰুণা মহামাৰীৰ ক্ষেত্ৰত প্ৰায় ৯০% লোকেই স্বচ্চতা অৱলম্বন কৰা দেখা যায়।
* কৰুণা মহামাৰীএ মানুহৰ মাজত সংকোচ ভাৱ জাগ্ৰত কৰিলে।
* কৰুণা মহামাৰীয়ে আমি গম নোপোৱাকৈ আজো ককা দিনৰ যি পৰম্পৰা সেয়া প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষ ভাবে আমাক অৱগত কৰিলে।যেনে ধৰক - কোনো লোক বাহিৰৰ পৰা আহিলে তেওঁক গেটৰ সন্মুখতে ভৰি ধুবলৈ দিয়া,ৰন্ধা ঘৰত চেন্দেল পিন্ধিব নিদিয়া,যি কোনো লোকৰ হাতে নোখোৱা ইত্যাদি। এই সকলোবোৰ আচলতে এক বিজ্ঞান সন্মত ধাৰণা যাক সেই সময়ৰ মানুহে বুজি নাপাইছিল বাবে " নাপায়" শব্দ্ টো ব্যৱহাৰ কৰি পৰম্পৰাৰ নাম দিলে।
* এই মহামাৰীএ মানুহক মৃতব্যয়ী হবলৈ শিকালে।আৰ্থিক ভাৱে দুৰ্বল হোৱাৰ ফলত খৰচৰ মাত্ৰা সীমিত কৰিবলৈ শিকালে।
* কৰুণা মহামাৰীয়ে উদাৰ মনোভাৱৰ সৃষ্টি কৰিলে আৰু মানৱ প্ৰেমী সকলেও ভোকাতুৰ জনৰ অৰ্তনাদ সহিব নোৱাৰি সহায়ৰ হাত আগবঢ়ালে।
* নিবনুৱা সকলক কৰ্মমুখি আৰু আত্মনিৰ্ভৰশীল কৰি তুলিলে।শ - শ বিঘা চন পৰা মাটিত নিজ হাতেৰে খেতি কৰি নিজৰ লগতে আন দহজনৰো পেটৰ ভাত মুকলালে।
ইয়াৰোপৰি এই মহামাৰীএ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠান,আৰু কোম্পানী সমূহকো অধিক লাভৱান কৰি তুলিলে।
যি কি নহওঁক ২০২০ এনেদৰে দুই - দোমোজাৰ মাজেৰে পাৰ হল।আহিল ২০২১ চন। বিগত দিন কেইটাত এনে লাগিছে যেন সকলো থিক থাক হৈ গল।আমি সকলোৱে এই মহামাৰীৰ পৰা নিচিন্ত হৈ পৰিলোঁ।কিন্তু সেই ভাবনা সম্ভৱ হলনে?? আকৌ"কৰুণা মহামাৰীৰ" দ্বিতীয় ঢৌয়ে সমগ্ৰ বিশ্বকে জোঁকাৰি পেলাইছে।প্ৰতি দিনে লক্ষ্যাধিক লোক মৃত্যুৰ গ্ৰাসত পৰিছে।চৌদিশে এতিয়া কেৱল মৃত্যুৰ কিৰিলি।সেয়া প্ৰাকৃতিক দুৰ্যোগএই হওঁক কিম্বা কৰুণা মহামাৰীএ হওঁক।এনে লাগিছে পৃথিৱী খন যেন অসুখী হৈ পৰিছে।এই অসুখী পৃথিৱীক মানৱ জাতিয়ে নৱচালে হয়তো আন কোনোৱে বচাব নোৱাৰে। এই ক্ষেত্ৰত বিনন্দ চন্দ্ৰ বৰুৱা দেৱৰ এটি কবিতা মনলৈ আহে ----" উঠ ৰঙামুৱা,ফেহুজালি দিলে, শুবৰ সময় নাই,দা - যা ঠী লৈ, যা লৰালৰি, বেগেতে এমুঠি খাই। ৰাতিতে যতাই,থৈছোঁ কৱচ,পিন্ধিব পাৰিবি তই,মানৰ যুঁজত পিতাৰো ঢুকাল,যুঁজলৈ কিহৰ ভয়।"( ৰঙামুৱাবীৰ) ।
হয়,মান সদৃশ এই মহামাৰীৰ ৰোধ কৰিবলৈ আমি সকলোৱে সজাগ আৰু সচেতন হব লাগিব।গতিকে দেশবাসীক অনুৰোধ ঘৰতে থাকক,সুস্থ থাকক।আপুনি সুস্থ থাকিলে আপোনাৰ পৰিয়াল সুস্থ থাকিব,আৰু একোটা পৰিয়াল সুস্থ থাকিলে একোখন জিলা,একোখন ৰাজ্য আৰু দেশ সুস্থ থাকিব।