মাচুলৰ সলনি ঘৰুৱা আৱৰ্জনা সংগ্রহ কৰা এখন ব্যতিক্ৰমী স্কুল
বৰ্তমান প্ৰদূষণৰ কু প্ৰভাৱে সমগ্ৰ পৃথিৱীক আগুৰি ধৰিছে । এই প্ৰদূষণৰ এটা ভাগ হ'ল মাটি প্ৰদূষণ আৰু এই প্ৰদূষণৰ এক প্ৰধান কাৰক হৈছে প্লাষ্টিক । প্লাষ্টিকৰ নিয়মীয়া ব্যৱহাৰৰ ফলত প্লাষ্টিকৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে আৰু এই প্লাষ্টিক মাটিত পেলোৱাৰ ফলত মাটিৰ ওপৰত এক তৰপৰ সৃষ্টি হৈছে৷ যাৰ ফলত ভূ -পৃষ্ঠৰ পানী ভূ- গৰ্ভলৈ যোৱাত বাধাৰ সৃষ্টি হৈছে । ফলস্বৰূপে ভূ- জলৰ পৰিমাণ দিনে দিনে কমিবলৈ ধৰিছে ।
প্লাষ্টিকৰ এনে কূ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত ললে অসমৰ পামহি (Pamohi) নামৰ গাওঁত থকা এখন বিদ্যালয়ে । অক্ষৰ ( Akshar) নামৰ এই ব্যতিক্ৰমী বিদ্যালয়খন মজিন মোখতাৰ (Mazin Mukhtar) আৰু পাৰমিতা শৰ্মাৰ দ্বাৰা ২০১৬ স্থাপন কৰা হৈছিল আৰু তেওঁলোকৰ মূল উদ্দেশ্য আছিল এই বিদ্যালয়ত সমাজৰ দুখীয়া লৰা ছোৱালীক শিক্ষাদান কৰা ৷ এই বিদ্যালয়ৰ এক আচৰিত বৈশিষ্ট্য হ'ল যে, বিদ্যালয়ৰ মাচুলৰ সলনি ছাত্ৰ - ছাত্রী সকলৰ পৰা সংগ্রহ কৰা হয় ঘৰৰ পেলনীয়া পলিথিন বেগ আৰু প্লাষ্টিকৰ সামগ্ৰী । ইয়াৰ আঁৰত থকা মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওৰ বাসিন্দা সকলৰ মাজত পেলনীয়া প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ সম্পর্কে সজাগতা সৃষ্টি কৰা।
এই বিদ্যালয়ৰ প্ৰত্যেক শিক্ষাৰ্থীয়ে প্ৰতিটো সপ্তাহত প্ৰায় ২৫ বিধ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী বিদ্যালয়ত জমা কৰে আৰু সেইবোৰ পুনৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় । এইদৰে তেওঁলোকে পৰিৱেশ প্ৰদূষণৰ পৰা আমাৰ পৃথিৱীক ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অক্ষৰ স্কুলৰ প্ৰতিষ্ঠাপক মেজিন মোখতাৰ আৰু পাৰমিতা শৰ্মাৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়, তেওঁলোকৰ এই পদক্ষেপে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰিব আৰু প্ৰদূষণৰ কাৰক সমূহ নিৰ্মূল কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।