অসাধ্য সাধনত পৰমাত্মা ৰ কিছু গোপন সংকেত : Some of the secret signs of God in the impossible

অসাধ্য সাধনত পৰমাত্মা ৰ কিছু গোপন সংকেত

        " উদ্দেশ্য যদি সৎ হয়, চেষ্টা যদি অটুট থাকে,  তেনেহলে যি কোনো অভিপ্ৰায়ৰ পূৰণ নিশ্চয় হয়।তাৰ বাবে ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন।এই ধৈৰ্য আৰু একাগ্ৰতাৰে যদি  আগবাঢ়ি যোৱা হয় তেনেহলে অসাধ্যও সাধন কৰিব পৰা যায়।আজি আমি তেনে এক অসাধ্য সাধনৰ উদাহৰন আপোনালোকৰ আগত দাঙি ধৰিম যিয়ে আপোনালোককো হয়টো অনুপ্ৰানিত কৰি তুলিব। তেনেহলে যাও আহকচোন সেই মনোমোহা কাহিনীৰ মাজলৈ --- 

অসাধ্য সাধনত পৰমাত্মা ৰ কিছু গোপন সংকেত

                          সেয়া হৈছে এজন ব্ৰাহ্মণৰ শ্ৰদ্ধা আৰু ভক্তিৰ কাহিনী। যি জন ব্ৰাহ্মণ  সৃষ্টিকৰ্তা ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ভক্ত আছিল। তেওঁ সদায় বিষ্ণু মন্দিৰ যায় আৰু বৰ নিষ্ঠাৰে  ভ্গৱন বিষ্ণুৰ পূজা অৰ্চনা কৰে। ভগৱানক ভোগ নিদিয়াকৈ তেওঁ কোনো বস্তুৱে গ্ৰহণ নকৰে।সেয়া অন্নএ হওঁক,বস্ত্ৰ এ হওঁক বা অন্য সামগ্ৰী এ হওঁক।তেওঁ একে মনে একে চিতে ভগৱান বিষ্ণুত বিলীন হৈ পৰিছিল।কিন্তু  ব্ৰাহ্মণ জনৰ পত্নী গৰাকী এ এইবোৰ ভাল পোৱা নাছিল।তেওঁ সদায় ব্ৰাহ্মণ জনক কাঠ মাৰি এ কথা কয়।তথাপি কিন্তু ব্ৰাহ্মণ জন তেওঁৰ ভক্তিত বিচলিত নহল।এদিন ব্ৰাহ্মণ জনৰ পত্নীএ বৰ আদৰএৰে ব্ৰাহ্মণ জনলৈ লাড়ু বনালে।কিন্তু ব্ৰাহ্মণ জনে লাড়ু বোৰ পোনপ্ৰথমে  নিজে সেৱন নকৰি ভগৱান বিষ্ণুক ভোগ দিবলৈ লৈ আহিল।ব্ৰাহ্মণৰ পত্নী গৰাকীয়ে এইবোৰ লক্ষ্য কৰি আছিল আৰু বিৰক্তিৰীৰে কৈছিল" শিলৰ মূৰ্তি এ জানো মাত মাতে"।তেওঁ আৰু কলে যে এইবাৰ ভগৱানে নুখুৱালৈকে তুমি ঘৰলৈ উভতি নাহিবা।"ব্ৰাহ্মণ জনেও পত্নীৰ কথা মতে কাম কৰিলে ।

লাডুবোৰ নি ভ্গৱান বিষ্ণুক ভোগ দিলে আৰু ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰিবলৈ ললে।এটা সময়ত মাখি আৰু পৰুৱাবোৰ আহিল আৰু লাড়ু বোৰ খাবলৈ ধৰিলে।ব্ৰাহ্মণ জনে মাখি আৰু পৰুৱা বোৰ খেদিবলৈ ধৰিলে।বাহিৰত থকা কুকুৰ বোৰেও লাড়ু ৰ গোন্ধ পাই মন্দিৰৰ ভিতৰলৈ আহিল ।ব্ৰাহ্মণ জনে কুকুৰ বোৰকো খেদিলে।বাহিৰত থকা ভোকাতুৰ ভিক্ষাৰী বোৰেও ব্ৰাহ্মণ জনক লাড়ু বিচাৰিলে কিন্তু ব্ৰাহ্মণ জনে লাড়ুৰ এক বিন্দু ও কাকো খাব নিদিলে ।এনেদৰে সময় বাগৰি গল,দিন গল ৰাতি আহিল কিন্তু ভগৱান লাড়ু খাবলৈ নাহিল।অৱশেষত ব্ৰাহ্মণ জনে সকলোবোৰ লাড়ু  বাহিৰত পেলাই দিলে।লগে লগে মন্দিৰৰ বাহিৰত থকা ভোকাতুৰ ভীক্ষাৰীৰ লগতে,পৰুৱা,মাখি আৰু কুকুৰ বোৰে লাড়ু বোৰ খালে।ব্ৰাহ্মণ জন বেদনাকলিষ্ট হৈ ঘৰলৈ আহিল। তেওঁ ভগৱানক কৰ্কথনা কৰিলে আৰু দুধাৰি চকুলো নিগৰাই শুই পৰিল।ৰাতি সপোনত  ভগৱান বিষ্ণুএ ব্ৰাহ্মণ জনক কলে মই তিনিটা লাড়ু খালো বৰ তৃপ্তিদায়ক।কিন্তু লাড়ু কেইটা পোৱাৰ ভাগত খোৱা হয় আৰু তৃপ্তিদায়ক হল হয়।আগলৈ দিলে মাটি নলগাকৈ ভালদৰে দিবা।"ব্ৰাহ্মণ জনে টোপনিৰ পৰা সাৰ পালে আৰু অণুতপ্ত হল যে ভগৱানে মোক অনেক সংকেত দিলে কিন্তু মই চিনিয়ে নাপালো।"

         কাহিনীটো আপোনালোকৰ হয় টো কাল্পনিক যেন লাগিছে নহয় নে? কিন্তু ই অপ্ৰিয় হলেও সাঁচাযে সৃষ্টি কৰ্তাই প্ৰতিটো ক্ষেত্ৰতএ আমাক এক সংকেত দিয়ে আৰু আমাৰ পৰীক্ষা লয় যিটো আমি বিশ্লেষণ কৰিব নোৱাৰোঁ আৰু অসফল হওঁ ।ইয়াৰো পৰি আমাৰ গুৰুজনাই  কৈছিল " কুকুৰ শৃগাল গদ্দৰ ভৰো আত্ম ৰাম, জানিয়া সাবাকো পৰি কৰিবা প্ৰণাম।" হয় আত্মা সন্তুষ্টিএ পৰম সন্তুষ্টি। অৰ্থাৎ ভোকাতুৰ জনৰ ক্ষুধা দূৰ কৰা,অভাৱনীয় জনৰ প্ৰায়োজন পূৰ কৰাই আমাৰ কৰ্তব্য আৰু দায়িত্ব।একাগ্ৰ সাধনা আৰু নিষ্ঠাৰে যদি আমি নিজৰ  কৰ্তব্য আৰু দায়িত্ব পালন কৰি যাওঁ তেন্তে আমি সকলোৱে সফলতা অৰ্জন কৰিব পাৰিম।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.