পৃথিৱীৰ ৰাতি নোহোৱা কেইখনমান ঠাই
আমি জানো যে পৃথিৱীৰ আহ্নিক গতিৰ বাবে দিন ৰাতি হয়। সূৰ্য্য উদয় হ'লে অস্ত হোৱাটো নিশ্চিত, গতিকে দিন হ'লে ৰাতি হ'বই লাগিব। কিন্তু আপোনাৰ এই ধাৰণা পৰিবৰ্তন কৰি পেলাব আজিৰ এই প্ৰতিবেদনে। আহ্নিক গতি সম্পর্কে আপোনাৰ যি ধাৰণা আছিল সেই ধাৰণাৰ ওপৰত আজি আপোনাৰ সন্দেহ উপজিব, কাৰণ আজি আমি আলোচনা কৰিম পৃথিৱীৰ এনে কিছুমান ঠাইৰ কথা য'ত সূৰ্য্যদেৱতাই বিশ্ৰাম নলয় অৰ্থাৎ ৰাতি নহয়। তেন্তে আহ'কচোন ভুমুকি মাৰো পৃথিৱীৰ সেই ঠাইসমূহৰ কথালৈ।
1. Alaska : আমেৰিকাত অৱস্থিত এই ঠাইখনত May ৰ পৰা July মাহলৈ ৰাতি নহয়। ৰাতি ১২ঃ৩০ বজাত সূৰ্য্য অস্ত হয় যদিও মাত্র ৫১ মিনিট পিছতেই আকৌ সূৰ্য্য উদয় হয়।
২.Canada :- কানাডাৰ উত্তৰ - পশ্চিম দিশত থকা ঠাই সমূহত গ্ৰীষ্মকালত প্ৰায় ৫০ দিনলৈ সূৰ্য্য অস্ত নহয়, যাৰ বাবে ইয়াত ৫০দিন সূর্য্যই নিৰন্তৰভাৱে পোহৰ বিলাই থাকে ।
৩. Finland : - হ্ৰদ আৰু আইচলেণ্ডেৰে ভৰপূৰ এই দেশখনত প্ৰায় ৮০ দিনলৈ ৰাতি নহয়। ইয়াত ৰাতিও সূৰ্য্যই পোহৰ বিলাই ।
৪. Iceland :- ইয়াত ১০ May ৰ পৰা আৰম্ভ কৰি July মাহৰ শেষলৈ অন্ধকাৰ নহয়। ৰাতিও ইয়াত দিনৰ দৰে পোহৰ হৈ থাকে।
৫. Norway :--ইয়াক মধ্যে ৰাতিৰ দেশ বুলি কোৱা হয় আৰু ইয়াতো May ৰ পৰা July মাহলৈ ৰাতি নহয়।
৬. Sweden :- এই ঠাইৰ ভৌগোলিক গঠন সংৰচনা অলপ বেলেগ হোৱাৰ বাবে ইয়াৰ May ৰ পৰা August মাহলৈ ৰাতি নোহোৱাকৈ থাকে। ৰাতি আন্ধাৰ চাবলৈ এই ঠাইৰ মানুহে প্ৰায় ১০০ দিন অপেক্ষা কৰিব লাগে।
পৃথিৱীৰ এনেবোৰ ঠাই আমাৰ প্ৰকৃতিৰ নিয়মৰ অলপ বিপৰীত হলেও এই বিপৰীতমুখী স্বভাৱে কিন্তু আমাৰ পৃথিৱীক সৌন্দর্য্যৰ পোহৰ বিলাইছে। যাৰ বাবে সৌৰজগতত পৃথিৱীয়ে এক সুকিয়া স্থান লাভ কৰিছে।