" আপুনি সঘনাই হাৰ্টৰ অসুখত ভোগে নেকি ? | Do you often suffer from heart disease?

আপুনি সঘনাই হাৰ্টৰ অসুখত ভোগে নেকি ? | Do you often suffer from heart disease?

আপুনি সঘনাই হাৰ্টৰ অসুখত ভোগে নেকি ? ঘৰুৱা খাদ্যৰে কিদৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি জানো আহক।

বৰ্তমান সময়ত মানুহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায় । আজি কালি সাধাৰণতে দেখা যায় যে প্ৰায় সকলো মানুহেই হৃদৰোগত ভোগে । যদি আপুনিও এনে জটিলতাৰ সন্মুখীন হৈছে তেনেহলে ঘৰুৱা আহাৰ গ্ৰহণ কৰি কিদৰে পৰিত্ৰাণ পাব পাৰি জানিবলৈ আমাৰ এই প্ৰতিবেদন চাওক 

Do you often suffer from heart disease?

* Chick peas : দেখাত সৰু হ'লেও  কাবুলি বুটত  অধিক মাত্ৰাত ফাইবাৰ , পটাছিয়াম , ভিটামিন আৰু হৃদযন্ত্ৰৰ কাৰণে উপকাৰী পুষ্টি পোৱা যায় । ই দেহত চৰ্বীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু হৃদ ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

* Coffee : কফি সকলোৱে খায় ভাল পায় । কফিৰ  হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। সেয়ে কফি খাবলৈ কুণ্ঠাবোধ কৰিব নালাগে । 

* Ginger : সুগন্ধৰে ভৰপূৰ এই মছলা বিধে আমাৰ শৰীৰত হ'ব পৰা হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে । 

* Green tea : এই চাহ কাপে আমাক মানসিক সকাহ দিয়াৰ ওপৰিও আমাৰ শৰীৰত চৰ্বীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া সুচাৰুৰূপে চলাই নিয়াত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰে ।

* Orange : আমি সকলোৱে ভালপোৱা কমলাৰ বহুতো ঔষধি গুণ আছে । কমলাই আমাক অধিক পৰিমাণে ফাইবাৰ , ভিটামিন c , পটাছিয়াম আৰু পুষ্টিৰ যোগান ধৰে ফলত শৰীৰৰ চৰ্বী আৰু হৃদযন্ত্ৰ নিয়ন্ত্ৰণ হৈ থাকে ।

* Almond : সুস্বাদু হোৱাৰ লগতে ই আমাৰ শাৰীৰিক শক্তি আৰু স্মৃতি শক্তি বৃদ্ধি কৰে । বাদামে আমাৰ শৰীৰৰ চৰ্বী হ্ৰাস কৰে আৰু বিভিন্ন হৃদৰোগ নিয়ন্ত্ৰণ কৰি ৰাখে ।

ইয়াৰ উপৰিও ডালিম , চকলেট, ক্ৰেন বেৰি , ৰাজ মাহ , ৰেড ৱাইন , বিভিন্ন ধৰণৰ মাহ , বীট , হালধি আদিয়ে আমাক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ কৰি ৰাখে ।

Post a Comment

Previous Post Next Post

People Like