জুন মাহত জন্ম গ্রহণ কৰা ব্যক্তিৰ ১০ টা বিশেষ গুণ
মানুহে জন্মতে কিছুমান বিশেষ গুণ লৈ জন্ম গ্ৰহণ কৰে। জোত্যিষ শাস্ত্ৰ মতে মানুহৰ জন্মৰ সময়ে নিৰ্ধাৰণ কৰে যে ব্যক্তিজনৰ ভৱিষ্যত কেনেধৰণৰ হ'ব। সেয়েহে জন্ম মাহ অনুসৰিও ব্যক্তিৰ মাজত কিছুমান বিশেষ গুণ তথা বিশেষত্ব দেখা পোৱা যায়। আজি আমি আলোচনা কৰিম জুন মাহত গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত পোৱা কিছুমান বিশেষ গুণ। তেন্তে আহ'কচোন চাই লওঁ সেই গুণসমূহ
১. কেৰিয়াৰত সফলতা - এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল নিজৰ বন্ধুসকলৰ মাজত খুব জনপ্রিয় হয় আৰু তেওঁলোকে সকলোৰে লগত ভাল সম্পর্ক গঢ়ি তুলে। এনে মহান গুণৰ বাবেই তেওঁলোকে নিজে বিচৰা ধৰণে কৰিয়াৰত আগবঢ়ি যাব পাৰে।
২. বুদ্ধিসম্পন্ন :- এই ব্যক্তিসকল অত্যাধিক বুদ্ধিসম্পন্ন হয়, যাৰ বাবে তেওঁলোকে যিকোনো সমস্যাৰ অতি সোনকালে সমাধান কৰিব পাৰে। তেওঁলোকৰ চিন্তা ধাৰণাবোৰ সাধাৰণ মানুহতকৈ অলপ বেলেগ হয়।
৩. নিজৰ সৌন্দর্যৰ প্ৰতি সচেতন :- এই ব্যক্তিসকল নিজৰ সৌন্দর্যতাৰ প্ৰতি সদায় লক্ষ্য ৰাখে। তেওঁলোক চাফ চিকুনতাৰ প্ৰতি সজাগ আৰু আনৰ আগত নিজৰ সৌন্দর্যতা দাঙি ধৰাত গুৰুত্ব প্ৰদান কৰে।
৪.বাকপটু :- তেওঁলোক প্ৰকৃততে কথা কৈ খুব ভাল পায় । যাৰ দ্বাৰা তেওঁলোকৰ সামাজিকৰণ প্ৰক্ৰিয়া অধিক দৃঢ় হয়। তাৰোপৰি তেওঁলোকৰ লগত কথা পাতি কোনেও বিৰক্তি অনুভৱ নকৰে।
৫. ঘনে ঘনে মেজাজ সলনি হয় :- তেওঁলোকৰ মেজাজ প্ৰায়ে সলনি হৈ থাকে । সেয়েহে বহু মানুহে তেওঁলোকক বুজি উঠিব নোৱাৰে ।কিন্তু তেওঁলোকে এই স্বভাৱক যিমান পাৰে নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰে।
৬. অসন্তোষীয়া মনোভাৱ :- তেওঁলোকে নিজৰ বাবে বস্তু নিৰ্বাচন কৰোতে অলপ অসন্তোষীয়া স্বভাৱৰ হয়। তেওঁলোকে নিজৰ বাবে আটাইতকৈ ভাল বস্তুটো নিৰ্বাচন কৰিব বিচাৰে। যাৰ বাবে তেওঁলোকে বস্তু নিৰ্বাচন কৰাৰ ক্ষেত্রত বহু চিন্তা ভাবনা কৰিব লগা হয়। যাৰ বাবে তেওঁলোকৰ মনত অসন্তোষীয়া মনোভাৱৰ সৃষ্টি হয়।
৭. নিজৰ প্ৰকৃত স্বভাৱ আনৰ আগত প্ৰকাশ নকৰে :- তেওঁলোকে নিজৰ বেয়া দিশবোৰ সকলোৰে আগত প্ৰকাশ নকৰে। তেওঁলোকে নিজৰ ভাল স্বভাৱৰ দ্বাৰা সকলোৰে লগত মিলি থাকিব বিচাৰে ।
৮. ধেমালিৰ জৰিয়তে সত্য প্ৰকাশ :- কেতিয়াবা তেওঁলোকে কোনো ব্যক্তিৰ ভুলবোৰ আঙুলিয়াই দিব বিচাৰে কিন্তু তেনে কৰিবলৈ তেওঁলোকৰ সাহস নাথাকে। তেনে ক্ষেত্রত সেই কথাবোৰ তেওঁলোকে ব্যক্তিজনৰ আগত ধেমালিৰ জৰিয়তে প্ৰকাশ কৰে ।
৯. জীৱন সংগী নিৰ্বাচন :- তেওঁলোক স্বভাৱত যিহেতু মৰমীয়াল সেয়েহে তেওঁলোকে মৰমীয়াল জীৱন সংগী বিচাৰে । তেওঁলোকে সাধাৰণতে কোমল ভাষী আৰু নম্ৰ ব্যক্তিক জীৱন সংগী হিচাপে বাচি লয়।
১০. তৰ্ক কৰি ভাল পায় :- তেওঁ স্বভাৱতে তৰ্ক প্ৰেমী হয়। তেওঁলোক উচ্চ বুদ্ধি সম্পন্ন হয়, সেয়েহে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰি তেওঁলোকে তৰ্কত নিজৰ অভিমত সমূহ সত্য হিচাপে প্ৰমাণ কৰিব বিচাৰে ।
এইখিনিয়েই আছিল জুন মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ কিছুমান বিশেষ গুণ, যি গুণে তেওঁলোকক অন্য মাহত জন্ম হোৱা ব্যক্তিতকৈ পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে।