বিলাসী জীৱন-যাপন কৰা লোকসকলৰ মন আকাশত ভিন্ন ৰঙী চিলা উৰে।সপোনৰ কাৰেং বাস্তৱত থিয় হয়।সেই কাৰেংতে তেওলোকৰ সপোনৰ এখন কাৰেৰে কাৰেংটোৰ সৌন্দৰ্য চৰাবলৈ চেষ্টা কৰে।পিছে এনে কিছুমান লোক এই পৃথিৱী নামৰ গ্ৰহটোত জন্ম হৈছে তেওলোকে ৰূপ দিবলৈ বিচৰা কাৰখনৰ বৰ্ণনা দিয়াটো চমকপ্ৰদ কাৰ্য।
এই পৃথিৱীত ভগবানে সাধাৰণ প্ৰাণীবিধৰপৰা অদ্ভূত প্ৰাণীবিধলৈকে সৃষ্টি কৰিছে।সৰ্বশ্ৰেষ্ঠ হৈছে মানুহ।এই মানুহ নামৰ প্ৰাণীবিধৰ মাজতো সাধাৰণৰপৰা অদ্ভূতলৈ এক বিশেষ সৃষ্টিৰ সেতু নিৰ্মাণ হৈছে।
আজি আমি ৰস পান কৰিম এই জীৱশ্ৰেষ্ঠ মানুহৰ অদ্ভূত সৃষ্টিৰ।
সেয়া এখন এশ ফুট দীঘল কাৰ যি গীনিজ বুকত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।এই কাৰখনে আপোনাক দিব বিশেষ অনুভৱৰ টোপোলা।
এতিয়া সেই কাৰখনৰ বিষয়ে বিশেষ কথাবোৰত আপোন পাহৰা হও আহকচোন-
১।বিশ্বৰ দীৰ্ঘতম কাৰখনৰ নাম, The American Dream যাৰ দৈৰ্ঘ্য এশ ফুট অৰ্থাৎ ৩০.৫ মিটাৰ যাৰ কাৰণেই বিশ্বত অভিলেখ সৃষ্টি কৰিছিল।
২। ১৯৮৬ চনতে কেলিফোৰ্নিয়াৰ Jay Ohrberg য়ে ডিজাইন কৰা এই কাৰখনৰ আছিল ২৬ টা চকা।
৩।এই কাৰখনত ছুইমিঙ পুলো আছিল।
৪।এই কাৰখন চলচিত্ৰত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে নিৰ্মিত হৈছিল।
৫।এই কাৰখন প্ৰতিঘন্টাত ২০০ ডলাৰত ভাড়া দিয়া হৈছিল।
হয়, এয়াই সৃষ্টিকৰ্তাৰ অদ্ভূত সৃষ্টি জীৱশ্ৰেষ্ঠৰ কিছূমান গধূৰ টুকুৰা যাৰ সৃষ্টিৰ আছে এক অৰ্থপূৰ্ণ অধ্যায়।

