আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী কেইবিধমান খাদ্যসামগ্রী।
আমি দৈনন্দিন জীৱন বিভিন্ন খাদ্যসামগ্রী গ্ৰহণ কৰো। কিন্তু সকলো খাদ্যসামগ্রী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। আমি খোৱা খাদ্য সামগ্রীৰ ওপৰত বিভিন্ন অধ্যয়ন হৈ থাকে, যাৰ ফলাফল স্বৰূপে প্ৰমাণ হয় যে ফাষ্ট ফুড খাবলৈ যিমানেই সুস্বাদু নহওক কিয় , ই আমাৰ শৰীৰিৰ যথেষ্ট ক্ষতি সাধন কৰে।
আজি আমি আলোচনা কৰিম কেইবিধমান এনে ক্ষতিকাৰক খাদ্য সামগ্রীৰ বিষয়ে, যি আপুনি যিমান পাৰে খোৱাৰ পৰা বিৰত থাকিব লাগে।
১. কৃত্ৰিম মিঠা (Artificial sweeteners)
অত্যাধিক পৰিমাণৰ চেনী গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষেতিকাৰক । কিন্তু ইয়াৰ সলনি আপুনি ব্যৱহাৰ কৰি থকা কৃত্রিম মিঠা সামগ্ৰী আৰু বেয়া। যিয়ে ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে বিপাকীয় চিণ্ড্ৰোম সৃষ্টি কৰে বুলি জনা যায়।
২. পেকেট কৰা গাখীৰ (Packaged milk)
সতেজ গাখীৰ গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী । কিন্তু হাজাৰ হাজাৰ বিভিন্ন গৰুৰ পৰা এটা ভেটত গাখীৰ মিলাই প্ৰস্তুত কৰা পেকেট গাখীৰে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।
৩.দোকানত ক্ৰয় কৰা ফল (Store-bought fruits)
ডাঙৰ দোকানত উপলব্ধ আপেল, আঙুৰ আৰু ষ্ট্ৰবেৰী আদি ফল ক্ৰয় কৰা পৰিহাৰ কৰিব লাগে, (বিশেষকৈ বিদেশৰ পৰা আমদানী কৰা), কাৰণ সেইবোৰ কীটনাশকেৰে আৱৰি থকাৰ পূর্ণ সম্ভাৱনা থাকে। ফলবোৰ ভালদৰে ধুলে ওপৰৰ কিছুমান কঠোৰ বস্তু বা লেয়াৰ আঁতৰ হোৱা দেখা যায় । কিন্তু অৱশিষ্ট ভাগ আপোনাৰ পেটলৈ যায়।
৪. ভজা খাদ্য (Fried foods)
তেলত কিবা সামগ্রী অতি উচ্চ উষ্ণতাত ভাজিলে, এক কঠোৰ কাৰ্চিনোজেন খাদ্যৰ ভিতৰত সোমাই যায়। এই কাৰ্চিনোজেনবোৰে কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।
৫.মাইক্ৰ’ৱেভ পপকৰ্ণ (Microwave popcorn)
মাইক্ৰ’ৱেভ পপকৰ্ণৰ পেকেটত যদি লক্ষ্য কৰে, তেন্তে তাত দেখা পাব কিছুমান তেল আৰু ফ্লেভাৰিংৰ মিশ্ৰণ । যাৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন হ'ব পাৰে।
৬.আলুৰ চিপছ (Potato chips)
মচমচিয়া, নিমখীয়া আলুৰ চিপছ সকলোৰে প্ৰিয়।কিন্তু ইয়াৰ প্ৰতিটো পেকেটত থাকে ট্ৰেন্স চৰ্বি, কৃত্ৰিম স্বাদ, আৰু অন্যান্য আশ্চৰ্যজনক সংযোজন । সেয়েহে আলুৰ চিপছ আদিয়ে আমাৰ শৰীৰত মেদবহুলতাৰ সৃষ্টি কৰে ।
এনেধৰণৰ ফাষ্ট ফুড গ্ৰহণে যিহেতু আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়, গতিকে আমি যিমান পাৰো এনেধৰণৰ খাদ্য সামগ্রী গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে।

