৬৬ ফুট ওখ কলগছজোপা : World largest banana tree : Tallest Banana Tree in The World

৬৬ ফুট ওখ কলগছজোপা : World largest banana tree : Tallest Banana Tree in The World


৬৬ ফুট ওখ কলগছজোপা

অভিধানখনত কিছুমান শব্দ আছে যিবোৰে মানুহৰ মনৰ এক গভীৰ কোণত হঠাৎ এক অবুজ ভাৱৰ বীজৰ অংকূৰণ ঘটায়।তেনে শব্দবোৰৰ বীজৰপৰাই সাহিত্যিকে আৰু গীতিকাৰে সাহিত্য আৰু গীতৰ বিশাল পথাৰখনত বৃহৎ বৃক্ষৰ সৃষ্টি কৰে।তেনে শব্দবোৰৰে এটা হৈছে- ৰহস্য।হয়, এই শব্দটোৱে বহু ঠাই ভ্ৰমণ কৰি নিৰ্দিষ্ট স্থান দখল কৰি আমাৰ মনত আজীৱন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।এই শব্দটোৱে এৰা নাই প্ৰকৃতিজগতখনকো।সেয়া,প্ৰকৃতিৰ এক ৰহস্যময়ী সৃষ্টি, এজোপা কলগছ। যাৰ নাম- Musa Ingens

New Guinea ৰ গ্ৰীষ্মপ্ৰধান পৰ্বতীয়া হাবিৰ এই কলগছজোপাৰ বৰ্ণনাই আপোনাক যি চমক দিব সেয়া আপোনাৰ পাহৰণীৰ গৰ্ভত ডুবি যোৱাটো অসম্ভৱ।

এতিয়া এই কলগছজোপাৰ বিষয়ে অদ্ভূত কথাবোৰ জানো আহক-

১। এই কলগছজোপাৰ উচ্চতা প্ৰায় ৬৬ ফুট পৰ্যন্ত হয় যাক দেখিলেহে বিশ্বাসত ল'ব পাৰি।

২। ইয়াৰ গাগছৰ ব্যাস প্ৰায় ৩ ফুট।

৩। ই জন্ম দিয়া কলৰ ঠোকটো  প্ৰায় ৪৯ ফুট দীঘল।

৪। এই কলজোপাত লাগে প্ৰায় ৩০০ টা কল।

৫।ই দিয়া কলবোৰৰ মুঠ ওজন প্ৰায় ৬০ কেজি।

৬।কলবোৰ সিজাই খোৱা হয়।

সচাই, এয়াই প্ৰকৃতিৰ ৰহস্য যাক ভেদ কৰাটো টান।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.