এই তিনিবিধ খেতিৰ দ্বাৰাই গাঁওৰ এজন যুৱক স্বাৱলম্বী হব পাৰে : Farming process in Assam : Times guwahati

Farming process in Assam : Times guwahati

অসম কৃষিপ্ৰধান ৰাজ্য হিচাপে এক সুকীয়া পৰিচয় আছে, অসমৰ জলবায়ুৰ লগত খাপ খুৱাকৈ বিভিন্ন সময়ত ঋতু অনুযায়ী ৰবি বা খাৰীফ শস্যৰ খেতি কৰা হয়।

অসমৰ বিভিন্ন ঠাইত বহু লোকে খেতি বা ঘৰতে ক্ষুদ্ৰ ব্যবসায় স্থাপন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে টকা উপাৰ্জন কৰি আৰ্থিকভাবে লাভৱানহৈছে। 

এতিয়া থোৰতে থলুৱা ভাবে গাওঁতে কৰিব পৰা কেইবিধ মান খেতিৰ বিষয়ে জানো আহক-- 

১/ ভোট জলকীয়াৰ খেতি- বৰ্তমান সময়ত অসমৰ গাঁৱে ভূঞে জৈৱিক পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰা দেখা পোৱা যায়, এই খেতি খুব কম খৰছতে কৰিব পাৰি।এই খেতিত সাধাৰণতে পকা ভোট জলকীয়াৰ পৰা গুটি পচাই পুলিৰ প্ৰস্তুত কৰা হয়। পাছত এই পুলি বোৰ ৪ বা ৫ ফুট অন্তৰে অন্তৰে উপযুক্ত জৈৱিক সাৰ তথা পানী ব্যৱহাৰ কৰি সাৰুৱা মাটিত ৰোপন কৰা হয়।

মন কৰিব লগীয়া যে পুলি বোৰ ওখ ঠাইত ৰোপন কৰিব লাগে, যাতে গুৰিত পানী জমা নহয়। তাৰ পাছত প্ৰায় এমাহৰ অন্তত গছত ফচল ধৰা দেখা যায়। ভালদৰে লালন-পালন কৰিলে এজোপা গছত এবাৰত প্ৰায় এশৰ পৰা ডেৰশ জলকীয়াৰ ফচল দেখিবলৈ পোৱা যায়। অসমত এই ভোট জলকীয়াৰ এখন ভাল বজাৰ আছে, ইয়াৰ দ্বাৰা আৰ্থিক ভাৱে যথেষ্ট লাভবান হব পাৰি।। 

2/ কলৰ খেতি- আমাৰ অসমৰ ভিন্ন ঠাইত ভিন্ন প্ৰকাৰৰ কলৰ খেতি কৰা হয়। তাৰ ভিতৰত মূলতঃ মালভোগ, জাহাজী, চেনিচম্পা, ভীমকল আদি প্ৰধান।

কলৰ খেতি কৰিবৰ বাবে কিছু মাটিৰ প্ৰয়োজন হয়।কল গছৰ পুলি বোৰ  ডেৰ পৰা দুই মিটাৰ আতৰে আতৰে ৰোপন কৰা হয়। কল খেতি কৰা এটাই লাভ যে, এই খেতিত এবাৰ খৰছ কৰি ইয়াৰ লাভালাভ বহু বছৰলৈ লব পাৰি। কিয়নো কল খেতিত এজোপা গছৰ পৰা বহু পুলিৰ উৎপন্ন হয় আৰু ফচলো পোৱা যায়। উৎপাদিত ফচল বজাৰত বিক্ৰী কৰি যথেষ্ট লাভবান হব পাৰি। 

৩/ ৰঙালাওৰ খেতি- ৰঙালাওৰ খেতি কৰিবৰ বাবে মুকলি ৰ'দ পৰা মাটি হব লাগে, ৰঙালাওৰ খেতি কিছু ঠাইত চাং পাতি কৰা দেখা যায় যদিও, বিস্তৃত ভাবে কৰিব হলে ইয়াক মাটিতে উৎপাদন কৰা হয়। প্ৰথমে মাটিদৰা ভালদৰে চহাই লৈ তাত প্ৰয়োজনীয় জৈৱিক তথা ৰাসায়নিক সাৰ মিহলাই লোৱা হয়। তাৰ পাছত 2ৰ পৰা ৩ ফুট আতৰে আতৰে মাটি খিনি ওখ কৰি তাত উন্নত মানৰ ৰঙালাওৰ বীজ সিঁচা হয়। বীজ সমূহ দীঘল লানিৰ দৰে সিঁচা হয় আৰু তাৰ কাষতে পানী যোগানৰ বাবে দীঘলীয়া নলাৰ প্ৰস্তুত কৰা হয়। এনেকৈয়ে প্ৰায় 2 মাহ মানৰ পাছত তাত ফুলৰ কলি অংকুৰিত হোৱা দেখা যায় আৰু ভালদৰে লালন পালন কৰাৰ পাছত প্ৰায় ৩ মাহ মানৰ পাছত ফচল লগা দেখিবলৈ পোৱা যায় । এই লাউৰ খেতিত প্ৰচুৰ  পৰিমানে ফল পাবলৈ গা-গছ জোপাত প্ৰথম ১০ৰ পৰা ১২ তা মান পাত উলাওতেই কাটিং কৰা হয়, তেতিয়া সেই কটা অংশৰ পৰা অন্য ঠাল ওলাব ধৰে আৰু তাত ভালে পৰিমানে ফচল ধৰে। এনেকৈয়ে ৰঙালাওৰ খেতি কৰি আৰ্থিক ভাৱে লাভৱান হব পাৰি।

                      শেষত এনেদৰেই যদি আমি নিজে কোনোবাই কৰ্মসংস্থাপন দিব বুলি বহি নাথাকি কৃষিৰ ক্ষেত্ৰত বা অন্য ক্ষেত্ৰৰ যোগেদি আত্মনির্ভৰশীল হৈ স্বাৱলম্বী হব পাৰো তেতিয়া বস্তুও আমাৰ হব আৰু বজাৰো আমাৰ হব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.