আমি ফুৰিবলৈ যাবলৈ শীতল ঠাইবোৰ পছন্দ কৰো, কাৰণ এই ঠাইসমূহ মনোমোহা হয়। প্ৰকৃতিৰ ওপৰত বৰফৰ বগা আৱৰণে প্ৰকৃতিৰ সৌন্দর্য দুগুণ বৃদ্ধি কৰি তোলে আৰু আমাৰ মন আকাশত সৌন্দর্যৰ চিলা উৰে । এনে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশ বিদেশলৈ বহুতো মানুহৰ নিগমন ঘটে। আমাৰ ভাৰতৰ শীতল ঠাইসমূহো সৌন্দর্যৰ ক্ষেত্রত কোনো গুনে কম নহয়। আজি আলোচনা কৰিম ভাৰতৰ ৫ খন শীতল ঠাইৰ বিষয়ে, যাৰ কথাই আপোনাৰ মনত শীতলতাৰ প্ৰতিচ্ছবি গঢ় দিব ।
১.Gangtok, Sikkim :- এই ঠাই ভাৰতৰ হিমালয় অঞ্চলৰ পূৱ চিকিমত অৱস্থিত। এই ঠাই হিমালয়ৰ তুষাৰাবৃত পৰ্বত শৃংখৰে ভৰপূৰ, যিয়ে ইয়াক পৰ্যটক সকলৰ জনপ্রিয় গন্তব্যস্থল হিচাপে গঢ়ি তুলিছে। শীতকালত ইয়াৰ তাপমান থাকে মাত্র ৪ ডিগ্রী চেলচিয়াচ।
এই ঠাই নিজৰা আৰু তিব্বতি সকলৰ বাবে প্ৰসিদ্ধ । শীতপ্ৰেমী সকলৰ বাবে ই স্বৰ্গস্বৰূপ। সাধাৰণতে ইয়াৰ গড় উষ্ণতা ১০ ডিগ্রী চেলচিয়াচ কিন্তু শীতকালত ইয়াৰ উষ্ণতা -১৫ চেলচিয়াচ তললৈ নামে।
৩.North Sikkim :- এই ঠাইখন কাচনজংঘা পৰ্বতৰে আগুৰাা আৰু ই ভাৰতৰ শীতলতম অঞ্চলৰ মাজৰ এখন । শীতকালত ইয়াৰ নিম্নতম উষ্ণতা হয় -৪০ ডিগ্রী চেলচিয়াচ। এই ঠাইখনৰ মুখ্য আকৰ্ষণ হৈছে - জিৰ' পইন্ট , য়ুমথাং ভেলী আৰু লাচুং মনাষ্টাৰি।
৪.Kargil, Ladakh
এইখন সেই কাৰগিলেই যিখন ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বাবে জনজাত। ইয়াত শীতকালত আটাইতকৈ অধিক ঠাণ্ডা পৰে আৰু ইয়াৰ উষ্ণতা হয় -৪৮ ডিগ্রী চেলচিয়াচ ।
৫. Dras, Ladakh
কাৰগিল অঞ্চলত অৱস্থিত এই ঠাইখনক লদাখৰ প্ৰৱেশদ্বাৰ বুলি জনা যায়। এই ঠাইৰ গড় উষ্ণতা -২৩ ডিগ্রী চেলচিয়াচ আৰু সেয়েহে ইয়াক বিশ্বৰ দ্বিতীয়খন শীতল অধ্যূষিত অঞ্চল হিচাপে বুলি কোৱা হয় ।
এয়েই আছিল ভাৰতৰ ৫ খন শীতল ঠাই। আপুনি যদি শীত প্ৰেমী আৰু শীতৰ আনন্দ ল'ব বিচাৰে তেন্তে এই ঠাইবোৰত এবাৰ যাব পাৰে ।

