দেশৰ বাবে শ্বহীদ হ'ল সৰুপেটাৰ ভাৰেগাওঁৰ দিলীপ কুমাৰ দাস

 


দেশৰ বাবে শ্বহীদ হ'ল সৰুপেটাৰ ভাৰেগাওঁৰ দিলীপ কুমাৰ দাস

মাওবাদীৰ আক্ৰমণত নিহত হয় দিলীপ কুমাৰ দা

পুনৰ দেশ মাতৃৰ বাবে প্ৰান আহুতি দিলে আন এজন বীৰ জোৱান।চি আৰ পি এফৰ ২১০ নম্বৰ কোব্ৰা ৰেজিমেন্টৰ দিলীপ কুমাৰ দাস ।বীৰ জোৱান গৰাকীৰ মৃত্যুত এতিয়া স্তব্ধ বজালী বাসী। যোৱা ৩ এপ্ৰিলত বিজাপুৰত সংঘটিত মাওবাদীৰ আক্ৰমণত নিহত হৈছিল দিলীপ দাস। উল্লেখযোগ্য যে মাওবাদীৰ আক্ৰমণত মৃত্যু হোৱা বীৰ জোৱান দিলীপ দাসৰ ঘৰ বজালীৰ ভাৰেগাওত। যোৱা মাহত ঘৰলৈ আহিছিল শ্বহীদ গৰাকী। বিশেষ বিমান যোগে অহাকালি গুৱাহাটী বিমানবন্দৰত উপস্হিত দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ। তাৰ পিছতে বজালীৰ সৰুপেটাৰ ভাৰেগাওঁৰ বাসগৃহলৈ অনা হ'ব তেওঁৰ নশ্বৰ দেহ।এতিয়াওঁ দিলীপ কুমাৰ দাসৰ বাসগৃহত এক শোকাকুল পৰিবেশে বিৰাজ কৰি আছে |

সন্জীব কলিতা

বজালী

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.