আমাৰ পৃথিৱীখন গোলাকাৰৰ পৰিৱৰ্তে যদি ঘনক আকাৰৰ হয়, তেন্তে কি হ'ব?

 


আমাৰ পৃথিৱীখন গোলাকাৰৰ পৰিৱৰ্তে যদি ঘনক আকাৰৰ হয়, তেন্তে কি হ'ব? 

আমাৰ পৃথিৱীখন সৃষ্টিকর্তাৰ এক নিখুঁত সৃষ্টি। ইমানেই  নিখুঁত যে ইয়াৰ এটা অৱয়বো যদি নিদিষ্ট আকাৰত নাথাকে তেন্তে পৃথিৱীখন আমাৰ বাবে থকাৰ অনুপোযোগী হৈ পৰিব । উদাহৰণস্বৰূপে, ধৰি লওঁক আমাৰ পৃথিৱীখন গোলাকাৰৰ পৰিৱৰ্তে যদি ঘনক আকাৰৰ হয়  তেন্তে আমি কি কি সমস্যাৰ সন্মুখীন হব লাগিব অনুমান কৰো আহ'কচোন। 

১)যদি আমি ঘনক আকাৰৰ পৃথিৱীত বাস কৰিব বিচাৰো তেন্তে আমি তাৰ কাষ এটা বাচি ল'ব লাগিব। দূৰ্ভাগ্যক্ৰমে, এনে এক ঠাইত থাকি ভাল নালাগিব কাৰণ আমি যেতিয়া খোজ কাঢ়িম তেতিয়া আমি পাহাৰ বগোৱাৰ দৰে অনুভৱ হ'ব।

২) ঘনক আকাৰৰ পৃথিৱীত মধ্যভাগত মধ্যাকর্ষণ বল অধিক হ'ব যাৰ ফলত আমি কেন্দ্রৰ পৰা যিমানে দূৰলৈ যাম সিমানেই আমাক পিছ ফালৰ পৰা টানি থকা যেন অনুভৱ হ'ব । 

৩) পৃথিৱীৰ গোটেই খিনি পানী ইয়াৰ মধ্যভাগত জমা হব যাৰ ফলত ইয়াৰ কাষৰীয়া ঠাই সমূহ শিলাময় তথা অনুৰ্ব্বৰ হৈ পৰিব আৰু  যাৰ ফলত ই থকাৰ অনুপযোগী হব। 

৪) পৃথিৱীৰ জলবায়ু ইয়াৰ ঘূৰ্ণন গতিৰ ওপৰত নিৰ্ভৰ কৰিব । যদি পৃথিৱীখন নিজৰ কক্ষপথত দুটা মুখ কৰি ঘূৰে তেন্তে এতিয়াৰ দৰেই জলবায়ু হব । কিন্তু তেতিয়া এতিয়াতৈ গৰমৰ তাপমাত্রা অধিক হব ।তেতিয়া পৃথিৱীৰ উপৰিভাগ ধ্ৰুৱীয় আৰু তলৰভাগ ভূমধ্যৰেখীয় জলবায়ুৰ অন্তৰ্গত হ'ব । 

৫) যদি পৃথিৱীখন ঘনক আকাৰ  হয় আৰু ই যদি নিজৰ কোণ অনুসৰি ঘূৰে আমি অধিক তাপ আৰু বৰষুণ নাপাম। দূৰ্ভাগ্যক্ৰমে, আমি আমাৰ কাল্পনিক ভূমধ্যৰেখীয় জলবায়ুকো বিদায় জনাব লাগিব   । 

৬)  পৃথিৱীখন ঘনক আকাৰৰ হলে আপুনি পৃথিৱীৰ বাহিৰলৈ অতি সহজে যাব পাৰিব, কিয়নো যিহেতু ঘনক আকাৰৰ পৃথিৱীখনে নিজৰ কেন্দ্র ভাগলৈ  বায়ুমণ্ডল আকৰ্ষণ কৰি থাকিব, গতিকে মধ্য ভাগত বায়ুমণ্ডলৰ আৱৰণ ঘন আৰু কাষৰীয়া ঠাইত এই আৱৰণ পাতল হব। যাৰ ফলস্বৰূপে আমি পাতল অংশদি পৃথিৱীৰ বহিৰত  গমন কৰিব পাৰিম । অৱশ্যে  ইয়াৰ পৰিণতি আমাৰ বাবে ভয়ানক হব। 

সৃষ্টিকর্তাৰ  নিখুঁত সৃষ্টিয়েই আমাক  জীয়াই ৰাখিছে। সেয়েহে আমি ইয়াৰ প্ৰাকৃতিক অৱদান সমূহো তাৰ নিৰ্দিষ্ট আকাৰ তথা ঠাইত থাকিব দিব লাগে। নহলে ই এদিন আমাৰ বাবে বিপদজনক হৈ পৰিব। 

Written by Prasenjit Chakraborty

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.