Thief Suffers Heart Attack on Finding That Looted Money Exceeded Expectations
আমি সৰুতে বহুতো নীতি শিক্ষামূলক গল্প পঢ়িছো বা শুনিছো । নীতি শিক্ষাৰ বাণী সমূহ আমাৰ বাস্তৱিক জীৱনতো প্ৰযোজ্য। আহ'কচোন আজি উভতি যাও সৰু কালত নীতি শিক্ষামূলক কাহিনী শুনাৰ সেই সময়লৈ আৰু আমেজ লওঁ এক নীতি শিক্ষামূলক কাহিনীৰ। এয়া কোনো সিংহ আৰু নিগনিৰ কাহিনী নহয় এয়া হৈছে দুই কূখ্যাত চুৰৰ বাস্তৱিক কাহিনী। যাক শুনি আপুনি হাঁহিব নে কান্দিব ভাৱিবলৈ বাধ্য হ'ব। তেন্তে আহ'কচোন আৰম্ভ কৰো।
নওছাদ আৰু আজাজ কূখ্যাত চুৰ দুজন নাগিনা আৰক্ষী থানাৰ অন্তৰ্গত আলিপুৰৰ বাসিন্দা।
আনকেইবাৰৰ দৰে এইবাৰো তেওঁলোকৰ পৰিকল্পনা অনুসৰি চুৰি কাৰ্য্য সম্পাদন কৰিবলৈ ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত নৱাব হেইদাৰ নামৰ এজন ব্যক্তিৰ মালিকানাধীন পাবলিক চেক্টৰ চেন্টাৰত চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল। তেতিয়া সেই কেন্দ্ৰত ৭ লাখ টকা আছিল। দুয়োজনে এই সকলোবোৰ টকা চুৰি কৰিছিল যদিও তেওঁলোকে ইমান বৃহৎ পৰিমাণৰ ধনৰাশি বুলি অনুমান কৰিব পৰা নাছিল ।
চুৰি কাৰ্য্য সম্পন্ন কৰাৰ পিছত ইমানবোৰ টকা চকুৰ আগত দেখি তেওঁলোকৰ দিনতে তৰা দেখা যেন অনুভৱ হ'ল আৰু আনন্দত আত্মহাৰা হৈ এজন চুৰ হৃদৰোগত আক্রান্ত হয় । পিছত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় আৰু তেওঁৰ চিকিৎসাৰ নামতে চুৰি হোৱা সকলো টকা শেষ হোৱাৰ ওপৰিও আনৰ পৰা টকা ধাৰে ল'ব লগা অৱস্থাৰ সৃষ্টি হয়।
বিপদ আহিলে হেনো চাৰিওফালৰ পৰা আহে, তেওঁলোকৰ ক্ষেত্রতো একেই কথা প্ৰযোজ্য হ'ল এফালে ইমানবোৰ লোকচানৰ বোজা আৰু আনফালে আৰক্ষীৰ জালত পৰিল এই দূৰ্ভগীয়া চুৰ দুটা । আৰক্ষীৰ সোধপোছত তেওঁলোক দুয়োজনেই সকলো ঘটনা স্বীকাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিল।
" লেভেই পাপ, পাপেই মৃত্যু " এই নীতি শিক্ষাৰ প্ৰতিটো কথাই আখৰে আখৰে প্ৰতিফলিত হ'ল এই ঘটনাৰ যোগেদি। নীতি শিক্ষাৰ বাস্তৱিক ৰূপ আমি আমাৰ বাস্তৱ জীৱনতে দেখা পাওঁ।

