Alert ! LIC ত ৰখি যাব পাৰে আপোনাৰ সম্পূৰ্ণ পইছা, যদি জমা নিদিয়ে এইখন ফৰ্ম।
LIC য়ে বন্ধ কৰিলে ধনাদেশ পত্ৰ (Cheque)ৰে পেমেন্ত কৰাৰ অপচন। বীমা কোম্পানী য়ে এতিয়াৰপৰা প্ৰত্যক্ষ ভাৱে ধনৰাশি পলিচিহ'লডাৰ্চ ৰ বেংক একাউণ্টত কৰিব স্থানান্তৰ।
LIC ৰ policy holders ,Maturity ৰ পইছা লাগে যদি কৰক এই কাম।
যদি আপুনি দেশৰ সৰ্বোচ্চ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমৰ গ্ৰাহক তেন্তে খবৰ টো আপোনাৰ বাবে প্ৰয়োজনীয়। আপোনাৰ LIC পলিচি যদি পৰিপক্ক হৈছে নতুবা যদি আপুনি কোম্পানী পলিচিত লোন লব বিচাৰিছে তেন্তে আপুনি এন ই এফ টি (NEFT) মেনদেত ফৰ্ম জমা দিব লাগিব, এনেকুৱা নকৰিলে আপুনি পলিচি maturity ৰ পইছা পোৱাৰ পৰা বঞ্চিত হব। আচলতে LIC য়ে ধনাদেশ পত্ৰ (Cheque)ৰে পেমেন্ত কৰা প্ৰক্ৰিয়া বন্ধ কৰিলে ,বীমা কোম্পানী য়ে এতিয়া প্ৰত্যক্ষ ভাৱে ধনৰাশি পলিচিহ'লডাৰ্চ ৰ বেংক একাউণ্টত স্থানান্তৰ কৰে। এনে সময়ত আপুনি নিজৰ LIC পলিচিক বেংক একাউণ্টৰ সৈতে লিংক কৰাওক, অন্যথা Claim ৰ পইছা ফচি থাকিব।
LIC ৰ মতে বিনা কোনো অতিৰিক্ত মূল্য অবিহনে শুদ্ধ আৰু সুৰক্ষিত পেমেণ্ট যিকোনো প্ৰক্ৰিয়াৰে কৰিব পাৰে। সকলো ডিজিটেল পেমেন্ত যিকোনো অতিৰিক্ত মাছুল ৰ পৰা মুক্ত। বিনামূলীয়া ই সেৱাৰ কাৰনে কোম্পানীৰ ৱেবছাইটত LIC ৰ গ্ৰাহক পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাব পাৰে।
LIC Neft পলিচিৰে এনেদৰে লিংক কৰাওক বেংক একাউণ্ট।
LIC পলিচিক বেংক একাউণ্টৰ সৈতে লিংক কৰাৰ প্ৰক্ৰিয়া সহজ। নিজৰ ওচৰৰ LIC অফিচত গৈ এন ই এফ টি (NEFT)মেনদেত ফৰ্ম জমা কৰক। এই ফৰ্ম ৰ লগত কেঞ্চেল চেক বা পাছবুকৰ কপি সংলগ্ন কৰি জমা দিব। এক সপ্তাহৰ ভিতৰত আপোনাৰ পলিচি বেংক একাউণ্টৰ সৈতে লিংক হৈ যাব। ইয়াৰ পিচত LIC ৰ পৰা পাব লগা যিকোনো ধনৰাশি চিধা আপোনাৰ বেংক একাউণ্টত সোমাব।
যিকোনো শাখাত জমা কৰক পলিচি maturity ৰ ক্লেইম
LIC য়ে সেইসকল পলিচিহ'লডাৰ্চক এক ডাঙৰ সকাহ দিছে যাৰ পলিচি পৰিপক্ক হৈছে। LIC ৰ পলিচি ধাৰকে পলিচিৰ পৰিপক্কতাৰ দাবী কৰাৰ দস্তাবেজ দেশৰ যিকোনো নিজৰ নিজৰ নিকটবৰ্তী LIC অফিচত ৩১ মাৰ্চলৈ জমা কৰিব পাৰিব।
বীমা কোম্পানী ৰ দেশৰ ভিতৰত ১১৩ ডিভিজনেল অফিচ, ২,০৪৮ শাখা,১,৫২৬ সৰু কাৰ্যালয় আছে। ইয়াৰ উপৰিও ৭৪ গ্ৰাহক জ'নও আছে য'ত পলিচি ধাৰক সকলৰ পৰা তেঁওলোকৰ পৰিপক্কতাৰ দাবী কৰা ফৰ্মও গ্ৰহণ কৰা হব। ইয়াত যিকোনো শাখাৰ পৰা লোৱা পলিচি পৰিপক্ক হলে তাৰ দাবী কৰাৰ ফৰ্ম জমা কৰিব পাৰিব।
প'ষ্ট টো ভাল লাগিলে like , share & comment কৰিব আৰু Times Guwahati চেনেলটো Subscribe কৰিব । ধন্যবাদ

