Walking leaf ৰ বিষয়ে জানো আহ'ক
আমাৰ পৃথিৱীত বহুতো অদ্ভুত জীৱ জন্তু আছে। কিছুমান খাদ্যাভ্যাসত অদ্ভুত, আকৌ কিছুমান দেখিবলৈ। এনে এক অদ্ভুত জীৱ হৈছে Walking leaf নামৰ এবিধ পতঙ্গ। এই পতঙ্গ দেখিবলৈ সাইলাখ গছৰ পাতৰ দৰে। এই প্ৰজাতিৰ অধিকাংশ পতঙ্গ দক্ষিণ- পূৱ এচিয়াত পোৱা যায়। তেওঁলোকৰ গাৰ ৰং মূগা বা সেউজীয়া বৰণৰ হয় আৰু ইয়াৰ ঠেঙবোৰ সৰু পাতৰ দৰে।
আহ'কচোন জানি লওঁ এই পতঙ্গৰ কিছুমান বৈশিষ্ট্য :-
১) এই পতঙ্গৰ গাৰ ৰং সেউজীয়া তথা মূগা আৰু আকাৰ পাতৰ দৰে হোৱাৰ বাবে ই নিজকে গছৰ পাতৰ আৰত লোকাই ৰাখিব পাৰে । যাৰ দ্বাৰা ই নিজকে শত্রুৰ পৰা ৰক্ষা কৰিব পাৰে ।
২. এই পতঙ্গ বিধে গছৰ পাত খাই জীয়াই থাকে।ইয়াৰ আটাইতকৈ প্ৰিয় খাদ্য হৈছে ক'কৱা, মধূৰি আৰু আম গছৰ পাত আদি।
৩) ই গছৰ পাতৰ দৰে বতাহ আহিলে বতাহত উৰি যায়। তদুপৰি দিনৰ বেছিভাগ সময়, ই গছৰ ডালত বহি কটায়। ৰাতিৰ ভাগতহে ই সক্রিয়ভাবে চলাচল কৰে।
৪ ) এনেধৰণৰ পতঙ্গই যদি কেতিয়াবা নিজৰ ভৰি বা বাহু দূৰ্ভাগ্য ক্রমে হেৰুৱাব লগা হয়, তেন্তে চিন্তা কৰিবলগীয়া একো নাই কাৰণ ইয়াৰ পুনৰ নতুন অংগ জন্ম হয়।
৫) Walking Leaf ৰ মাইকী পতঙ্গটেৱে উৰিব নোৱাৰে কিন্তু মতা পতঙ্গটোৱে অলপ দূৰলৈ উৰিব পাৰে। কাৰণ সিহতৰ পিছফালে পাখি থাকে ।
৬) Walking Leaf ক আমি পোহনীয়া পতঙ্গ হিচাপেও ৰাখিব পাৰো । কাৰণ এই পতঙ্গবিধ দেখিবলৈ বৰ ধুনীয়া । ইয়াক Terrariumত ৰাখিব পাৰি আৰু খাবলৈ কলাজামু, ওকগছ আৰু গোলাপফুলৰ পাত দিব পাৰি।
Walking Leaf হৈছে প্ৰকৃতিৰ এক অদ্ভুত সৃষ্টি। এনেবোৰ অদ্ভুত সৃষ্টিয়ে আমাৰ প্ৰকৃতিক অধিক সৌন্দর্যতা প্ৰদান কৰিছে।

