চিগাৰেটৰ সেৱন আমাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক । চিগাৰেট সেৱন কৰিলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক বেমাৰৰ সন্মুখীন হয় । চিগাৰেট সেৱনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কিন্তু এই অভ্যাস সলনি কৰা ইমান সহজ নহয় । চিগাৰেটৰ মূল্য বৃদ্ধি হৈছে যদিও আসক্ত ব্যাক্তিৰ ইয়াৰ প্ৰতি ভ্ৰুক্ষেপ নাই । এই বিশ্বতে এনে কিছুমান চিগাৰেট আছে যাৰ দামে আপোনাক অতি আচৰিত কৰি তুলিব । ইয়াৰে কেইবিধমানৰ বিষয়ে জানো আহক :
* সৰ্বপ্ৰথম The Chancellor Tobacco Company এ উৎপাদন কৰা Treasurer চিগাৰেট যাৰ প্ৰতি পেকেটৰ মূল্য ১৫০ ৰ পৰা ৩০০ ডলাৰ।
* Gallaher groupৰ দ্বাৰা উৎপাদিত এটা ৰাছিয়ান চিগাৰেট ব্ৰেন্ডৰ Sobranie এ পৃথিৱীৰ দ্বিতীয় ব্যয়বহুল চিগাৰেটৰ স্থান পাইছে । ইয়াৰ মূল্য প্ৰায় ৫০ ৰ পৰা ৮০ ডলাৰ ।
* তৃতীয় স্থানত আছে আমেৰিকান চিগাৰেট ব্ৰেন্ডৰ Parliament । ইয়াৰ স্বত্বাধিকাৰী হৈছে Phillip Morris USA আৰু Phillip Morris International । মূল্য ৫০ ডলাৰ হোৱাৰ স্বত্বেও এইবিধ চিগাৰেট অন্যতম জনপ্ৰিয় ।
* চতুৰ্থ স্থানত থকা কেন্ট হ'ল আমেৰিকান চিগাৰেট ব্রেন্ড যাৰ স্বত্বাধিকাৰী হৈছে British American Tobacco p.l.c. আৰু ইয়াৰ সহায়ক R.J. Reynolds Tobacco Company । Kent চিগাৰেটৰ এটা পেকেটৰ মূল্য প্রায় 46 ডলাৰ।
* British American Tobacco p.l.c. ৰ দ্বাৰা উৎপাদিত Dunhil চিগাৰেটৰ নাম বিশ্বৰ ভিতৰত পঞ্চম । ইয়াৰ প্ৰতি পেকেটৰ মূল্য প্ৰায় ৩০ৰ পৰা ৫০ ডলাৰ ।

