প্লাষ্টিক খোৱা এবিধ উদ্ভিদ Plastic-fed plants

 প্লাষ্টিক খোৱা এবিধ উদ্ভিদ

Plastic-fed plants


 সমগ্র বিশ্বকে ছানি ধৰা বৰ্তমানৰ এক বৃহৎ সমস্যা হৈছে প্ৰদূষণ । প্ৰদূষণে ইমান দ্ৰুত গতিৰে কাল ৰূপ লৈছে যে ই মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। এই প্ৰদূষণৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈছে প্লাষ্টিক,  ই ইমান ভয়ংকৰ যে ই প্ৰকৃতিৰ তিনিওটা উপাদান যেনে :- বায়ু,পানী, মাটি আদি সকলোকে প্ৰদূষিত কৰিব পাৰে । বৰ্তমান এই প্লাষ্টিক মানৱ জীৱনৰ বাবে আশীৰ্বাদৰ পৰা অভিশাপলৈ ৰূপান্তৰ হৈ পৰিছে। সচাঁকৈ প্ৰদূষণে মানুহৰ জীৱন পঙ্গু কৰিছে। কিন্তু আহিছে এক ভাল খবৰ। এই প্ৰদূষণৰ কালৰূপ অৱসান ঘটাবলৈ পৃথিৱীত আৱিষ্কাৰ হৈছে প্লাষ্টিক খোৱা এবিধ উদ্ভিদ, ই সকলোৰে উঠত হাঁহি বিৰিঙাবলৈ গৈ আছে। 

Plastic-fed plants


 য়েল(Yale) বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে এক বিশেষ কাঠফুলা,  যাৰ নাম পেষ্টালোটিঅ’পছিছ মাইক্ৰ’স্পোৰা ( Pestalotiopsis microspora )। এই কাঠফুলাই প্লাষ্টিকৰ সামগ্ৰী তথা পলিউৰেথেন (polyurethane) খায় আৰু ইয়াক জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে।  যাৰ বাবে এই কাঠফুলাবিধক ভৱিষ্যতে প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পাবলৈ  ব্যৱহাৰ কৰাৰ ওপৰিও ইয়াক জৈৱিক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব । আচৰিত কথা হ'ল যে, এই কাঠফুলা মানুহে খাদ্য হিচাপেও গ্রহণ কৰিব পাৰে। 

  বিশেষজ্ঞসকলৰ মতে, ভৱিষ্যতে এনে কাঠফুলাই পৃথিৱীখন পৰিষ্কাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । উল্লেখযোগ্য যে এই কাঠফুলাবিধ বৰ্তমান কেৱল আমাজন অৰণ্যতহে উপলব্ধ। 

  প্লাষ্টিক খোৱা এই উদ্ভিদ বিধৰ আৱিষ্কাৰে বৰ্তমান  সমগ্র বিশ্বলৈ এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।  ইয়াৰ দ্বাৰা প্ৰদূষণৰ গ্ৰাসত পৰি নিজৰ সৌন্দৰ্য্য হেৰুৱাবলৈ ধৰা  এই পৃথিৱীখনে নিজৰ সৌন্দৰ্য্য অক্ষুন্ন ৰাখিব পাৰিব বুলি এতিয়া সকলো  আশাবাদী। 

 By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.