কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আদা অতি প্ৰয়োজনীয় : Health benefit of Ginger ; Health Tips

 পৃথিবীত পোৱা প্ৰত্যেকটো বস্তুৰে এটা গুণাগুন আছে।আজি  আপোণালোকক কবলৈ ওলাইছোঁ আদাৰ বিষয়ে। হয় আদাৰ বহতোঔষধি গুণ আছে।

কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আদা অতি প্ৰয়োজনীয় : Health benefit of Ginger ; Health Tips

            আজিৰ পৰা প্ৰায় ২০০০ বছৰৰ পুৰ্বেই চীনাসকলে আদাক যিকোনো ধৰণৰ ৰোগৰ বাবে মহৌসধ থিচাপে ব্যৱহাৰ কৰি আহিছে। আমাৰ ভাৰতবৰ্ষতো আদাৰ ব্যৱহাৰ প্ৰায় ৪০০০ বছৰৰ পৰাই চলি আহিছে। ফ্ৰাদাৰ অব মেডিচিন খ্যাত হিপত্ক্ৰেটিচে তেঁওৰ গ্ৰন্থ সমূহত আদাৰ মহৌষধ ঔষধি গুণৰ কথা উল্লেখ কৰিছিল।আদাত ক্ৰ'মিয়াম,মেগনেছিয়াম,আৰুজিংক প্ৰচুৰ পৰিমাণে পোৱা যায় যি আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু দেহৰ অতিৰিক্ত ঘাম বাহিৰ হোৱাটো নিয়ন্ত্ৰণ কৰে। আদাই আমাৰ শৰীৰৰ হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে।

      এতিয়া আদাৰ উপকাৰীতা বিষয়ে জানো আহক-

    ১)আদাই মুখৰ দূগন্ধ দূৰ কৰাত সহায় কৰে।

     ২)আদা,ক'লা নিমখ নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অৰ্জীণ নিৰাময় হয়।

      ৩)পাইলচ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে।

      ৪)আদাৰ প্ৰলেপ জুয়ে পুৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে।

    ৫)দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলাই খালে বুকুৰ জ্বলাপুৰা,এচিডিটি আতঁৰ হয়।

    ৬)গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমি ভাৱ দূৰ কৰাৰ বাবে আদা অতিকৈ উপকাৰী।

    ৭)স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আদা অতি উপযোগী।

    ৮)কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো আদা অতি প্ৰয়োজনীয়।

  এইদৰে আদাৰ গুণাগুণ দেখা যায়।

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.