আপোনাৰ জীৱনত হ'বলগীয়া ঘটনাৰ বিষয়ে আপুনি আগতীয়াকৈ জানিব পাৰিব : how to know about future

আপোনাৰ জীৱনত হ'বলগীয়া ঘটনাৰ বিষয়ে আপুনি আগতীয়াকৈ জানিব পাৰিব 

how to know about future


মানুহৰ জীৱনটো ভাল আৰু বেয়া দিনৰ সমষ্টি ।  কোনেওঁ নাজানে কাৰ কেতিয়া কি হয় । কিন্তু প্ৰকৃতিয়ে আমাক কিছুমান লক্ষণ দেখুৱাই যাৰ দ্বাৰা আমি আমাৰ জীৱনত হবলগীয়া ঘটনাৰ বিষয়ে উমান ল'ব পাৰো। হয়তো প্ৰকৃতিৰ এনেবোৰ লক্ষণ চাই চৰাই আৰু জন্তুৱে ভূমিকম্পৰ উমান পায়, আকৌ কুকুৰে ভাল বেয়া মানুহৰ চিনাক্তকৰণ কৰিব পাৰে। আজি আমি আলোচনা কৰিম এনে কিছুমান  লক্ষণৰ যাক জানিলে আপুনিও উমান ল'ব পাৰিব আপোনাৰ জীৱনত কি হ'বলৈ গৈ আছে। 

১)যেতিয়া ক'লা পৰুৱাবোৰে দলবদ্ধ ভাৱে চক্রাকাৰে গতি কৰে, তাৰ পৰা বুজিব পৰি যে, আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধি হ'ব। আকৌ ই পৰিয়াল মাজত হ'ব পৰা কন্দলৰ কথাও সূচাব পাৰে । 

২. হাতীয়ে যদি কেতিয়াবা আপোনাৰ ঘৰৰ দুৱাৰৰ আগত নিজৰ শুৰ দাঙে, তেন্তে বুজি পাব যে আপোনাৰ ঘৰত অতি সোনকালে ঐশ্বৰ্য্যশালী হৈ পৰিব। 

৩. যেতিয়া পাৰ চৰাইয়ে নিজ ইচ্ছাৰে গৃহস্থৰ ঘৰত বাস সাজিবলৈ আহে  তেন্তে সেয়া গৃহস্থৰবাবে মংগলজনক। 

৪. যদি কুকুৰে কাৰোবাৰ ঘৰৰ দুৱাৰৰ ফালে চাই কান্দে, তেন্তে বুজিব লাগিব সেই ঘৰৰ মানুহ অতি সোনকালে সমস্যাৰ সন্মুখীন হ'ব পাৰে। 

৫. আমি সদায় মকৰাৰজালবোৰ ঘৰৰ পৰা চাফ চিকুণকৈ ৰাখিব লাগে। কাৰণ এইবোৰে আপোনাৰ ঘৰত দৰিদ্ৰতা আনিব পাৰে। 

৬. আমি জানো নিগনি গনেশ ভগৱানৰ বাহন। সেয়েহে আপোনাৰ ঘৰত যদি Shrew প্ৰজাতিৰ নিগনি আছে, তেন্তে আপুনি তাক কেতিয়াও নামাৰিব। কিয়নো ই আপোনাৰ সম্পত্তিৰ বৃদ্ধিৰ লক্ষণ হ'ব পাৰে। 

৭) কিন্তু ঘৰত ক'লা নিগনিৰ বৃদ্ধিয়ে পৰিয়ালৰ মাজত কাজিয়াৰ শংকাৰ উমান দিয়ে। 

৮) যদি কাৰোবাৰ ঘৰৰ চোতালত আঘাতপ্রাপ্ত চৰাইৰ পৰে, তেন্তে ই কোনো দুৰ্ঘটনাৰ লক্ষণ হ'ব পাৰে । 

৯ ) যদি কাৰোবাৰ ঘৰৰ চালিত কউৰি , ফেচা আদি পৰে আৰু গধুৰ মাতেৰে মাতি থাকে, তেন্তে আমি সাবধান হোৱা উচিত কাৰণ ই আমাৰ আগত আহি থকা গম্ভীৰ সমস্যাৰ সংকেত হ'ব পাৰে। 

 এইবোৰ আছিল পুৰণি কালৰে পৰা চলি অহা কিছুমান লক্ষণ যিবোৰৰ পৰা আমি আমাৰ 

জীৱনত হ'ব পৰা ঘটনাবোৰৰ উমান ল'ব পাৰো। কিন্তু বৰ্তমান বিজ্ঞানৰ যুগত ইয়াৰ গ্ৰহণযোগ্যতা কিমান সেয়া এক ডাঙৰ প্ৰশ্ন । 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.