উচ্চ ৰক্তচাপত ভুগিছে নেকি ? চাওক আমাৰ এই প্ৰতিবেদন : Food for High blood pressure

উচ্চ ৰক্তচাপত ভুগিছে নেকি ? চাওক আমাৰ এই প্ৰতিবেদন

 

উচ্চ ৰক্তচাপত ভুগিছে নেকি ? চাওক আমাৰ এই প্ৰতিবেদন

আজিকালি যান্ত্ৰিকতাৰ পৃথিৱীত আমি যিমানেই আগুৱাই গৈছো আমাৰ সময়ৰৰ অভাৱ হৈছে যাৰ ফলত আমাৰ শৰীৰৰ লব লগীয়া যতনত আসোৱাহ আহি পৰিছে | যাৰ বাবে সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে বিভিন্ন বেমাৰৰ বশবৰ্তী হোৱা দেখা গৈছে | যিমানেই মানুহ যান্ত্ৰিক হৈছে , সিমানেই মানুহৰ দুচিন্তাৰ  বৃদ্ধি পাইছে| এই দুচিন্তাৰ ফলত হব পৰা ৰোগে হৈছে উচ্চ ৰক্তচাপ | অন্য বহু কাৰণতো এই বেমাৰ হয়| এতিয়া আহিছো উচ্চৰক্ত চাপত ভুগা ৰোগীয়ে কিদৰে নিজৰ খাদ্যভ্যাসত কিদৰে কিছু খাদ্য সন্নিবিষ্ট কৰি এই ৰোগৰ সৈতে মুকাবিলা কৰি সুস্থ জীৱৱ অতিবাহিত কৰিব পাৰে

1)দৈ 

দৈত থকা কেলচিয়াম আৰু মেগনেচিয়ামৰ ভকপূৰ মাত্ৰাই সুস্বাস্থ্য প্ৰদান কৰে

2)পালেং শাক 

ইয়াত থকা কেলিয়ামে উচ্চৰক্ত চাপ নিয়ন্ত্ৰনত  সহায় কৰে|

3)মৌ

মৌয়েও উচ্চৰক্ত চাপ নিয়ন্ত্ৰনত সহায় কৰে যদিও মধুমেহ ৰোগীসকল মৌ সেৱনৰ পৰা দূৰৈত থাকা উচিত

4)আলু 

শুনিবলৈ আচৰিত যদিও আলুত থকা মেগনেচিয়াম আৰু  কেলিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰে|

5)কিৱি ( kiwi)

কিৱিটো প্ৰচুৰ পৰিমানে কেলচিয়াম,মেগনেচিয়াম,কেলিয়াম থাকে যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায়ক

6)কল

কলতো প্ৰচুৰ পৰিমানে   উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনয় কৰা কেলিয়াম থাকে যি শৰীৰৰ বাবে উপকাৰী

7)ডাৰ্ক চকলেট

 ডাৰ্ক চকলেটও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে

8)বিট

বিটত থকা নাইট্ৰাইটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰে

9) এভকেড' 

ই হৈছে মেগনেচিয়াম ,এন্টিঅক্সিডেন্ট আৰু কেলিয়ামৰ ভৰাল | গতিকে এভকেড' উচ্চ ৰক্তচাপৰ বাবে ভাল

10)নহৰু

নহৰুত থকা এলিচিন উচ্চ ৰক্তচাপ নিয়ন্ত্ৰৰ সহায়ক |

এই কেইকেইবিধ হৈছে এনে খাদ্য যি আমি আমাৰ দৈনন্দিন জীৱনত চামিল কৰি 

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰিব পাৰো

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.