আপুনি সহজতে ওজন কমাব বিচাৰে নেকি? lose weight easily

আপুনি সহজতে ওজন কমাব বিচাৰে নেকি?

Do you want to lose weight easily?


                      বৰ্তমান সময়ত মেদবহুলতা প্ৰায় অধিক সংখ্যক লোকৰে এটা প্ৰধান সমস্যা হৈ পৰিছে।এই সমস্যা বিভিন্ন কাৰণত হব পাৰে।যেনে ধৰক খাদ্যভাস ,জিনগত ভাবে ,শাৰীৰিক পৰিশ্ৰম বা ব্যয়াম আদি নকৰাৰ ফলত ইত্যাদি।ইয়াৰ ভিতৰত খাদ্যভাস বিশেষ ভাৱে উল্লেখনীয়। দৈনন্দিন জীৱনত আমি খোৱা সকলো খাদ্যৰ পৰা এটা ফলপ্ৰসূ ফলাফল নাপাবও পাৰো।কাৰণ উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়োটাই বিহ সদৃশ।গতিকে আমি খোৱা সকলো খাদ্যৰে এটা ভাল দিশ আৰু এটা বেয়া দিশ থাকে যাৰ ফলত আমি মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধি হোৱা আদি সমস্যাৰ সন্মুখীন হব লগা হয়।আজি আমি আপোনালোকক সেই সমূহ খাদ্যৰ বিষয়ে অৱগত কৰাম যি সমূহ খাদ্য খালে আপোনালোকে অতি সহজতে ওজন কমাব পাৰিব।

           ( ১)  Oats:- শৰীৰত ওজন কমোৱা এবিধ উল্লেখযোগ্য খাদ্য হল Oats।যদি আপুনি দৈনিক খাদ্যৰ তালিকাত oats পৰিবেশন কৰে তেন্তে আপুনি ইয়াৰ পৰা সুফল নিশ্চয় পাব।ই আমাৰ শৰীৰৰ ওজন কমোৱা ৰ উপৰিও আমাৰ হৃদপিণ্ড টোক ভালে ৰাখে।তাৰোপৰি আমাৰ শৰীৰৰ কলেষ্ট্ৰাল কম কৰাত সহায় কৰে।

                ( 2) চালাদ:- চালাদ এ আমাৰ শৰীৰৰ ওজন কম কৰাত অধিক পৰিমাণ এ সহায় কৰে। চালাদ বুলি কলে সাধাৰণতে কেঁচা পাচলি যেনে গাজৰ, টিয়হ,বিলাহী, বিট,ব্ৰকলি আদি উল্লেখযোগ্য। চালাদে আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে আমাৰ কুষ্ঠ কাঠিন্য দূৰ কৰে।

                ( ৩) আপেল:- আপেল আমি সকলোৱে খাওঁ কেৱল মাত্ৰ ভিটামিন ৰ বাবে। কিন্তু ইয়াৰ আৰু কিছুমান গুণাগুণৰ বিষয়ে জানেনে? আপেল এবিধ ৰসাল ফল।ইয়াত ৮৬% পানী পোৱা যায়।যিটো আমাৰ দেহৰ বাবে বৰ প্ৰয়োজনীয়।তাৰোপৰি ই আমাৰ খাদ্যনলী সবল কৰি ৰাখে।আপেলৰ দৰে অমিতা,মধুৰীয়াম আদি ৰসাল ফলেও শৰীৰৰ ওজন কম কৰাত সহায় কৰে।

                   (৪) ত্ৰিফলা:- তিনিবিধ ফলৰ সংমিশ্ৰণ এই ত্রিফলা।ৰাতি অহাৰ গ্ৰহণৰ পাছত যদি আপুনি ত্ৰিফলা সেৱন কৰে তেন্তে ইয়াৰ পৰাও আপুনি সুফল লাভ কৰিব পাৰিব।

                    (৫) মিঠা আলু:- যাৰ নামেই তাৰ পৰিচয়। ই এবিধ আঁহযুক্ত ৰসাল খাদ্য। এইবিধ খাদ্যই আমাৰ শৰীৰৰ ওজন কমোৱাৰ লগতে diabetes, হৃদপিণ্ড ৰ বিভিন্ন ৰোগ আদিৰ সমস্যা ৰ পৰাও সকাহ দিয়ে।

             উপৰুক্ত সমূহ খাদ্যৰ উপৰিও দালিয়া,পানী , গম বা ঘেঁহু ৰ ব্ৰেড বা লোফ আদি যদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে তেন্তে আপোনাৰ শৰীৰৰ ওজন কমোৱাত ইবোৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.