এইবিধ খাদ্য খালে আপুনি ধুনীয়া হৈ থাকিব : Benefits of jackfruit seeds

 কঁঠালে আমাৰ শৰীৰত কি দৰে উপকাৰ সাধে জানি আচৰিত হব:        

Benefits of jackfruit seeds

              কঁঠাল জহকালি হোৱা এবিধ বহু গুটীয়া মিঠা ফল।ইয়াৰ কলিটোক মূচি বুলি কোৱা হয়। কঁঠাল ৰ ফুটাত কৈ তাৰ গুটিৰ গুণাগুণ অধিক পৰিমাণ এ বেছি।তলত ইয়াৰ কেইটামান গুণাগুণৰ বিষয়ে আলোচনা কৰা হল:-

         ( ১) বলিৰেখা:- বয়সৰ লগে লগে আমাৰ মুখমণ্ডলত বলিৰেখা দেখা পোৱা যায়।এই বলিৰেখাৰ পৰা পৰিত্ৰাণ পাবলৈ কঁঠাল গুটিৰ গুৰিৰ লগত ঠাণ্ডা গাখীৰ মিহলাই  এটা পেষ্ট বনায় মুখমণ্ডলত ভালদৰে সানি পিছত মুখখন ভালদৰে ধুই দিব।এনেদৰে প্ৰতিদিনে কৰিলে মুখমণ্ডল ত পৰা বলিৰেখাৰ পৰা উপশম পাব পাৰিব।

           ( ২) ছালৰ গঠন:- কঁঠাল ৰ গুটিয়ে বিভিন্ন ধৰণে ছালৰ গাঁথনিত সহায় কৰা দেখা যায়।যাৰ ফলত আপুনি সদায় যৌৱন প্ৰাপ্ত হৈ থাকিব পাৰিব।তাৰবাবে কঁঠাল ৰ গুটিৰ লগত অলপমান গাখীৰ,অলপমান মৌ মিহলাই এটা পেষ্ট্ বনায় আপোনাৰ মুখখন ত ভালদৰে ঘঁহি শুকাবলৈ দিয়ক।শুকোৱাৰ পিছত মুখখন কুহু মীয় া পানীৰে ধুই দিব।চাব তাৰ সুফল নিশ্চয় পাব।

              ( ৩) মানসিক চাপ আৰু চৰ্ম ৰোগ:- কঁঠাল ৰ গুটি এবিধ আহজাতীয় খাদ্য।গতিকে ইয়াত অত্যাধিক পৰিমানে প্ৰটিন পোৱা যায়।যাৰ ফলত মানসিক চাপ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।তদুপৰি কঁঠাল ৰ গুটিয়ে  ছালখন কোমল কৰি ৰখাত সহায় কৰে আৰু চুলি বৃদ্ধি টো সহায় কৰে।

             (  ৪) উন্নতমানৰ চুলি আৰু দৃষ্টিশক্তি বৃদ্ধিত সহায়:-  আমাৰ শৰীৰত সুষম অহাৰ অতিকৈ প্ৰয়োজন আৰু এই সুষম আহাৰত vitamin'A' পোৱা যায়। vitamin'A' ৰ অভাৱত মানুহ দৃষ্টিহীনতাত ভূগি কুকুৰীকনা পৰ্য্যন্ত হব পাৰে।গতিকে কঁঠাল গুটি সেৱনে এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।তাৰোপৰি 'A' ভিটামিন এ চুলি শ্ৰী বৃদ্ধি আৰু আলসুৱা কৰি তোলে।

               ( ৫) ৰক্ত হীনতাৰ প্ৰতিৰোধ:- কঁঠাল গুটি এবিধ আইৰণযুক্ত খাদ্য ।গতিকে কঁঠাল গুটি সেৱনে আমাৰ শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে আমাৰ লিভাৰ টোক সুস্থ আৰু সবল কৰি তোলে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.