১।প্ৰথমেই দিব খুজিছো এক আচৰিত খবৰ।হাৰিয়ানাৰ ফাৰিদাবাদত এক অঘটন ঘটনা ঘটিল।এজনী গাভিনী গাইৰ পেটৰপৰা পশু চিকিৎসকে ৭১ কেজি ওজনৰ প্লাষ্টিক ,নখ আৰু অন্যান্য জাৱৰ উলিয়ালে।দূগৰ বিষয় যে গৰুজনী আৰু পোৱালীটো মৃত্যুমূখত পৰিল।
২।এক বিশেষ খবৰ।ভাৰতৰপৰা ২০২০-২১ বৰ্ষত ২.৪৯ টন চেনী ৰপ্তানি হ'ল।কিন্তু ডাঙৰ খবৰটো হ'ল অধিকাংশ চেনী ৰপ্তানি হ'ল ইন্দোনেছিয়ালৈ।
৩।এইবাৰ খবৰ বিহুৰ।চৰকাৰৰ নিৰ্দেশনা ভাল নালাগিল৩০ খন বিহু সমিতিৰ।শেষত চৰকাৰৰ নিৰ্দেশনা শিথিল কৰাৰ দাবীৰে গুৱাহাটীত ধৰ্না কাৰ্যসূচীত বহিল সমিতিকেইখন।
৪।এইবাৰ কৰোনাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিলে ভগবানৰ শ্ৰীচৰণত।হয়, মধ্যপ্ৰদেশৰ পৰ্যটন মন্ত্ৰী উশি ঠাকুৰে এই মহামাৰীৰপৰা সকলো মুক্তি পোৱাৰ কামনাৰে ইনদ'ৰ এয়াৰপ'ৰ্টত দেৱী আহিল্য বাই হোলকাৰৰ মূৰ্তীৰ সন্মূখত দেৱীগৰাকীক পূজা কৰাত ব্যস্ত হ'ল।
৫।এইবাৰ গুগলৰ এক বিশেষ ঘোষণা।গুগলে চলিত বৰ্ষৰ জুন মাহৰ আগতে এন্ড্ৰইদ আৰু আই,অ',এছৰ মোবাইল শ্বপিং এপসমূহ বন্ধ কৰিব।
৬।এক উত্তেজণাপূৰ্ণ খবৰ।কৰোনাৰ তাণ্ডৱ মহাৰাষ্ট্ৰত ইমান বেছি হৈছে যে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষা পিছুৱাবলৈ চৰকাৰ বাধ্য হ'ল।সচাই ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক কুঠাৰ আঘাট।
৭।এইবাৰ খবৰ থাইলেণ্ডৰ।যোৱা শনিবাৰে ফেইচবুকত ৰকাশ পোৱা অনুসৰি ১১ বছৰীয়া গ্ৰেচিয়া নামৰ এজনী ছোৱালীৰ এটা পোহনীয়া মেকুৰী আছিল।মেকুৰী বিচাৰি বাহিৰলৈ।যাওতেই দেখা পালে এটা বিশালকায় সাপ যাৰ পেটটো ফুলি আছিল।আৰু আবিস্কাৰ কৰা গ'ল যে সাপটোৰ পেটতেই গ্ৰেচিয়াৰ মেকুৰীটো আছিল।
৮।এক বিশেষ খবৰ।এই আধুনিক যুগতো মানুহ শিক্ষিত হোৱাৰ স্বত্বেও চলি আছে সাম্প্ৰদায়িক সংঘৰ্ষ।হয়, কৰোনাৰ ত্ৰাসত সৰ্বত্ৰ হাহাকাৰ হোৱাৰ স্বত্বেও ৰাজস্থানৰ বাৰান জিলাৰ চ্চাব্ৰা চহৰত সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পিল,যাৰ ফলত গাড়ী জলাই দিয়া পৰ্যন্ত ভয়ানক পৰিস্থিতিৰ ৰূপ ললে যোৱা যোৱা দেওবাৰে।এতিয়া মাথো চহৰখনত সান্ধ্য আইনৰ কঠোৰ আৰু ক'লা ছায়া।
৯।এইবাৰ খবৰ নিবনুৱাৰ।বিশ্বৰ নিৱনুৱাৰ হাৰ আটাইতকৈ বেছি থকা ১০০ খন দেশৰ মাজত স্থান পালেব্ৰাজিলে।ব্ৰাজিলে স্থান পালে ১৪ নম্বৰত।এয়া এক পৰিতাপৰ বিষয়।
১০।শেষ খবৰ।অতি ভয়ংকৰ খবৰ।গোলকীয় উষ্ণতাৰ কাৰণে এন্টাৰ্কটিকাই কালৰূপ পাবলৈ বেছি দিন নাই।এক অধ্যয়ন অনুসৰি এন্টাৰ্কটিকাৰ বৰফৰ এটা বৃহৎ অংশ অতি সোনকালে খহি পৰাৰ সম্ভাৱনা।

