খোজকঢ়াই আপোনাৰ দেহত বিশেষ ধৰণে উপকাৰ সাধে : walking benefits

 খোজকঢ়াই আপোনাৰ দেহত বিশেষ ধৰণে উপকাৰ সাধে

          খোজকঢ়াৰ অভ্যাসে আমাৰ দেহৰ বিভিন্ন ধৰণে উপকাৰ সাধন কৰে, নিজৰ স্বাস্থ্য সুস্থ-সবল কৰি ৰাখিবলৈ আমি সকলো শ্ৰেণীৰ বয়সৰ লোকে নিয়মিত ভাৱে খোজকঢ়াৰ অভ্যাস কৰা উচিত, এই অভ্যাসে শৰীৰটো স্বাস্থ্যবান কৰি ৰখাৰ উপৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা নিৰোগী কৰি ৰাখে। 

          এতিয়া আমি খোজকঢ়াৰ কিছু উপকাৰীতাৰ বিষয়ে জানো আহকচোন

walk

১/ কেলৰি বাৰ্ন হয়- খোজকঢ়াই আমাৰ দেহৰ কেলৰি বাৰ্ন কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ ফলত আমাৰ দেহৰ ওজন বৰ্তাই ৰখাত সহায় হয়, লগতে শৰীৰত থকা অতিৰিক্ত চৰ্বি হ্ৰাস কৰে। 

২/ হৃদপিণ্ড সবল কৰি ৰাখে- খোজকাঢ়িলে আমাৰ দেহৰ হৃদপিণ্ড সুস্থ তথা সবল হৈ থাকে। এক গৱেষণাত পোৱা গৈছে যে, এজন ব্যক্তিয়ে যদি প্ৰতিদিনে কমেও ৩০ মিনিতকৈ সপ্তাহটোৰ ভিতৰত যদি ৫ দিন নিয়মীয়াকৈ খোজ কাঢ়ে, তেতিয়া তেখেতৰ হৃদপিণ্ডৰ ৰোগ হোৱাৰ পৰা ১৯% আশংকা কমি থাকে। 

৩/তেজত থকা গ্লুকজৰ পৰিমাণ হ্ৰাস হোৱাত সহায় কৰে- আমি সাধাৰণতে আহাৰ খোৱাৰ পাছত খোজকঢ়াৰ অভ্যাস কৰিব লাগে, তেনে কৰিলে তেজত থকা গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ হৈ থাকে। 

৪/ গাঁঠিৰ বিষ উপশম কৰে- খোজকঢ়াৰ ফলত আমাৰ দেহৰ গাঁঠিবোৰ মজবুত হৈ উঠে, ফলত গাঁঠিৰ যোৰসমূহৰ বিষ ভাল হোৱাত সহায় কৰে। খোজকঢ়াৰ ফলত আৰ্থৰাইটিছ হৈ থকা লোক সকলে যথেষ্ট উপশম লাভ কৰে। 

৫/ অনাক্ৰম্যতা বৃদ্ধি কৰে- খোজকঢ়াৰ অভ্যাসে দেহৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰে, ফলত জ্বৰ, চৰ্দি আদি বেমাৰ হোৱাৰ আশংকা বহুগুণে কম হয়। 

৬/ দেহৰ শক্তি বৃদ্ধি কৰে- খোজকঢ়াৰ অভ্যাসে দেহৰ শক্তি বৃদ্ধি কৰে, ফলত আমাৰ শৰীৰে দীৰ্ঘ সময়লৈকে কৰ্ম কৰি থাকিব পাৰে। 

৭/ মন সুস্থ কৰি ৰাখে- সুস্থ শৰীৰ থাকিলেহে সুস্থ মনৰ অধিকাৰী হব পাৰি, গতিকে সুস্থ শৰীৰ এটাই আমাৰ মন প্ৰাণ সবল কৰি ৰাখে। 

৮/ জীৱনকাল বঢ়ায়- খোজকঢ়াৰ ফলত আমাৰ শৰীৰ সুস্থ হৈ থাকে, ফলত বিভিন্ন ভয়াবহ বেমাৰ আজাৰৰ পৰা শৰীৰটো ৰক্ষা পৰে, ফলত জীৱনৰ আয়ুস বৃদ্ধি হয়। 


৯/ ভৰিৰ মাংপেশী সবল কৰে- খোজকঢ়া বা দৌৰাৰ ফলত আমাৰ ভৰিৰ মাংপেশীসমূহ সবল তথা বৃদ্ধি হয়, বিনিময়ত ভৰিৰ মাংসপেশীৰ ফলত শক্তিৰ বৃদ্ধি হয়। 


১০/ সৃষ্টিমূলক চিন্তাত সহায় কৰে- খোজকঢ়াৰ ফলত স্বাস্থ্যবান হোৱাৰ লগতে মন আৰু মগজুৰ শ্ৰীবৃদ্ধি হয়, ফলত যোগাত্মক চিন্তাধাৰাৰ বাট মুকলি হয়। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.