পৃথিৱীৰ আটাইতকৈ ক্ষুদ্রতম বান্দৰটোৰ নাম জানেনে?
এই পৃথিৱী নানান বিচিত্র জীৱ - জন্তুৰে ভৰপূৰ। তাৰে ভিতৰত বান্দৰ হৈছে অন্যতম । বান্দৰ আমি সকলোৱে দেখিছো। কিন্তু আপুনি কেতিয়াবা এনেকুৱা বান্দৰ দেখিছেনে যাৰ ওজন এটা বিলাহীৰ সমান আৰু যাৰ উচ্চতা আমাৰ এটা হাতৰ আঙুলিৰ সমান ? আজি আমি জানিম পৃথিৱীৰ আটাইতকৈ ক্ষুদ্রতম তথা অদ্ভুত প্ৰজাতিৰ বান্দৰটোৰ বিষয়ে যাৰ নাম হৈছে Pygmy marmoset Monkey, এই বান্দৰ পৃথিৱীত দুষ্প্রাপ্য যদিও Brazil ৰ western Amazon Basin, Colombia, Ecuador, Peru, আৰু Bolivia আদি ঠাইত ইয়াক কিছু পৰিমাণে দেখা পোৱা যায়। তেন্তে আহ'কচোন জানি লওঁ আমাক বিশেষ চমক দিব পৰা এই বান্দৰৰ কিছুমান বিশেষত্ব।
১) এই বান্দৰৰ আকাৰ আমি লিখা কলম বা মধ্যম আকাৰৰ এটা চকলেট এটাৰ সমান।
২) ইয়াৰ হাতোৰা সৰু হোৱাৰ বাবে অতি সহজতে ই গছ বগাব পাৰে,
৩) এই বান্দৰে নিজৰ মূৰটো ১৮০ ডিগ্রীলৈ ঘূৰাব পাৰে,
৪) ইয়াৰ শৰীৰৰ ওজন মাত্র ১০০ গ্ৰাম ,
৫) উচ্চতা ই মাত্র ১৫ চেণ্টিমিটাৰ লৈ ওখ হয়,
৬) এই বান্দৰৰ নেগুৰৰ উচ্চতা ২০ চেণ্টিমিটাৰ , যিটো এই বান্দৰৰ শাৰীৰিক উচ্চতাতকৈ বেছি ,
৭) ই মাত্র ১২ বছৰলৈকে জীয়াই থাকিব পাৰে,
৮) আকাৰত হ'লেও এই বান্দৰ অলপ খঙাল প্ৰবৃত্তিৰ হয়।
৯) আকাৰত সৰু হোৱাৰ বাবে মানুহে ইয়াক অদৃশ্য পোৱালি বান্দৰ বুলিও কোৱা হয় ।
এনেবোৰ আজৱ জীৱ - জন্তুৱে আমাৰ পৃথিৱীখন সুৱলা কৰি ৰাখিছে। হয়তো আৰু এনে অদ্ভুত জীৱ - জন্তু আমাৰ ধৰণীত আছে যাৰ বিষয়ে জানিবলৈ আমাৰ এতিয়াও বাকী আছে।

