বিশ্বৰ আটাইতকৈ দামী পাচলি , যাৰ মূল্য ৮৫ হাজাৰ টকা : Expensive vegetable

 বিশ্বৰ আটাইতকৈ দামী পাচলি , যাৰ মূল্য  ৮৫ হাজাৰ টকা

Expensive vegetable

আমাৰ দৈনিক প্ৰয়োজনীয় সামগ্রীৰ ভিতৰত পাচলিও হৈছে অন্যতম। পাচলিৰ মূল্যবৃদ্ধিয়ে আমাক মাজে মাজে টেটু চেপা  দি থাকে । কিন্তু আমাৰ পৃথিৱীত এনে এবিধ পাচলি আছে, যাৰ দাম শুনিলে আপুনি বিশ্বাস নকৰিব  । এই পাচলি বিশ্বৰ আটাইতকৈ দামী পাচলি হিচাপে প্ৰচলিত হৈ পৰিছে। তেন্তে আহ'কচোন চাওঁ সেই পাচলিবিধনো কি। 

বিশ্বৰ আটাইতকৈ ব্যয়বহুল এই পাচলিবিধৰ নাম হৈছে 'হ’প শ্বুট'(Hop Shoots)। ইয়াৰ নাম যিদৰে অদ্ভুত দামো সেইদৰে অদ্ভুত, এইবিধ পাচলিৰ মূল্য  প্ৰতিকেজিত ৮৫ হাজাৰ টকা !  এইয়া আকাশত চাং পতা  কথা এইয়া সম্পূৰ্ণ সত্য ।জাৰ্মানীত এই পাচলিবিধৰ খেতি আৰম্ভ কৰা হৈছিল। তাৰ পিছত লাহে লাহে আন দেশতো ইয়াৰ উৎপাদন আৰম্ভ কৰা হয় ৷ এতিয়া ভাৰততো ঔৰাংগাবাদৰ এজন কৃষক অমৰেশ কুমাৰ সিঙে আধুনিক প্ৰযুক্তিৰে আৰম্ভ কৰিছে এইবিধ পাচলিৰ খেতি।তেওঁ নৱনগৰ খণ্ডৰ কাৰাীমাদি গাঁৱত প্ৰায় পাঁচ কঠা মাটিত হ’প শ্বুটৰ খেতি কৰি কৰিছে আৰু তেওঁৰ এই খেতি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। 

  হ’প শ্বুট পাচলিবিধ বজাৰত উপলব্ধ নহয়। ইয়াক এণ্টিবায়’টিক তৈয়াৰ কৰিবলৈহে ব্যৱহাৰ কৰা হয়।  ই টিবিৰ দৰে ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে। তাৰোপৰি ইয়াক কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুতৰ বাবেও ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াৰ মূল্য ইমান বেছি। 

   কথাতে কয়, "বস্তুৰ কাম চাইহে দাম "। হ’প শ্বুটৰ ক্ষেত্রতো এই কথাষাৰ প্ৰযোজ্য। পাচলিবিধৰ দাম যিমানেই নহওক কিয় ইয়াৰ কামৰ দ্বাৰা ই সমগ্র বিশ্বৰ উপকাৰ সাধিবলৈ সক্ষম।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.