দৈনিক এক গিলাছ বীটৰ ৰস খালে কি হয় জানি আচৰিত হ'ব
বজাৰত পোৱা সাৰ দিয়া শাক পাচলি খায় আপুনি ৰোগীয়া হোৱা নাই নে ? সঘনাই শৰীৰৰ ওজনৰ তাৰতম্য ঘটা নাই নে ? নিজকে অতি কম বয়সতে বুঢ়া বুঢ়া যেন লগা হৈছে , নহয় জানো ? এই সকলোবোৰৰ পিছতো আমি পাচলিৰ পৰাই এনে কিছুমান সমস্যৰ পৰা পৰিত্ৰাণ পাব পাৰো ।
বয়স্ক অৱস্থাতো নিজক সতেজ আৰু সুস্থ কৰি ৰাখিবলৈ বীটৰ ৰসে কিদৰে আপোনাক সহায় কৰে জানো আহক :
আমি জানো যে বয়স্ক অৱস্থাত মানুহৰ তেজৰ সঞ্চালন ক্ৰীড়াৰ লগতে মস্তিষ্কৰ কাৰ্য ক্ষমতা কিছু ক্ষেত্ৰত কমিবলৈ ধৰে ফলত সঘনাই শৰীৰ দুৰ্বল হয়, নানান ৰোগে দেখা দিয়ে আৰু স্মৃতি শক্তিও কমিবলৈ ধৰে , মানুহ বিষণ্ণতাও ভোগা দেখা যায় ।
University of Exeter ৰ এটা অধ্যয়নত দেখা পোৱা গৈছে যে যিসকল লোকে দৈনিক তেওঁ লোকৰ আহাৰৰ লগত এক গিলাছ বীটৰ ৰস গ্ৰহণ কৰে তেওঁ লোক এনে কিছুমান সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে । বীটৰ লগতে lettuce, spinach, celery আদিত প্ৰচুৰ পৰিমাণে inorganic nitrate আৰু বিভিন্ন oral bacteria পোৱা যায় , এই দুয়োটাৰ সংমিশ্ৰণে আমাৰ শৰীৰত nitric oxide উৎপাদনত সহায় কৰে । সেই nitric oxide এ আমাৰ তেজৰ সঞ্চালন আৰু মস্তিষ্কৰ ক্ৰীড়া সুচাৰুৰূপে চলাই নিয়াত প্ৰত্যক্ষভাবে অংশগ্ৰহন কৰে । সেয়ে বীটৰ ৰস সেৱনে আপোনাক সু-স্বাস্থ্যৰ গৰাকী কৰি ৰাখিব।

