এতিয়া ডেবিট কাৰ্ড অবিহনে এটিএমৰ পৰা টকা উঠাব পাৰিব : Now You Can Withdraw Cash from ATM using UPI App, Here's How

Now You Can Withdraw Cash from ATM using UPI App, Here's How

এতিয়া ডেবিট কাৰ্ড অবিহনে এটিএমৰ পৰা টকা উঠাব পাৰিব। : Times Guwahati

 সময় পৰিবৰ্তনৰ ফলত পৰিবৰ্তন হৈছে সকলো। খাদ্য বিচাৰি হাবিয়ে জংগলে ঘুৰি ফূৰা মানুহক সময় পৰিবৰ্তনে  সমাজ পাতি বাস কৰিবলৈ শিকালে। ঠিক তেনেদৰে আমাৰ বেংক ব্যৱস্থাতো সময়ে সময়ে পৰিবৰ্তন ঘটি আহিছে। আগতে ধনৰ প্ৰয়োজন হ’লে বেংকলৈ গৈ দীঘলীয়া শাৰী পাতি ধন লোৱাৰ প্ৰক্ৰিয়াটোক এটিএমৰ উদ্ভাবনে সম্পূর্ণৰূপে সলনি কৰি পেলালে। এতিয়া আকৌ আহিল এটা নতুন পৰিবৰ্তনৰ সময়, এতিয়াৰ পৰা আপুনি ডেবিট কাৰ্ডখন লগত নাৰাখিলেও প্ৰয়োজনত এটিএমৰ পৰা টকা উলিয়াব পাৰিব। আপুনি নিজৰ ফোনটো ব্যৱহাৰ কৰি সহজতে এটিএমৰ পৰা টকা উলিয়াব পাৰিব। 

বিখ্যাত এটিএম কোম্পানী NCR কৰ্পোৰেচনে ইতিমধ্যে কাৰ্ডবিহীন নগদ ধন তোলাৰ বাবে ইউপিআইৰ (UPI) ওপৰত ভিত্তি কৰি এটা  নতুন পৰিবৰ্তন আনিছে । এই নতুন ব্যৱস্থাত আপোনাৰ ফোনত থকা যিকোনো UPI পেমেণ্টৰ  এপ যেনে Google Pay, Phone Pe, Amazon Pay , Paytm, BHIM ইত্যাদিৰ জৰিয়তে টকা উলিয়াব পাৰিব।

 চিটি ইউনিয়ন বেংকে ইতিমধ্যে এই বিশেষ সুবিধা  ১৫০০ এটিএমত উপলব্ধ কৰাইছে ।

মোবাইলৰ জৰিয়তে কেনেকৈ নগদ ধন উলিয়াব পাৰিব  সেই প্ৰক্ৰিয়া জানো আহক-

*প্ৰথমে আপুনি আপোনাৰ স্মাৰ্টফোনত যিকোনো UPI পেমেণ্ট এপ্লিকেছন খুলিব লাগিব।

*তাৰ পিছত QR কোডটো ATM স্ক্ৰীণত স্কেন কৰিব লাগিব।

*আপুনি  উলিয়াব বিচৰা টকাৰ পৰিমাণ  ফোনৰ ইউ.পি.আই. এপত দিব লাগিব ।

*তাৰ পিছত প্ৰচেছ বুটামত ক্লিক কৰি নিশ্চিত কৰিব লাগিব ।

*এতিয়া আপোনাৰ ৪ বা ৬ সংখ্যাৰ ইউ.পি.আই. পিন নম্বৰটো লিখিব লাগিব।

* গোটেই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত এটিএমৰ পৰা নগদ ধন ওলাই আহিব।

* উল্লেখ্য যে বৰ্তমান এই সুবিধাৰ জৰিয়তে আপুনি সৰ্বাধিক ৫,০০০ টকাহে উলিয়াব পাৰিব।

বেংক ব্যৱস্থাৰ এই নতুন পৰিবৰ্তনে, নিশ্চিতভাবে, টকা উঠোৱা প্ৰক্ৰিয়াটো অধিক সহজ কৰি পেলাব। যাৰ দ্বাৰা গ্ৰাহকে অধিক সকাহ লাভ কৰিব। 

Written by Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.