ৰঙালী বিহুত গৰুক পিন্ধোৱা পঘা দালৰ মহত্ব

 ৰঙালী বিহুত গৰুক পিন্ধোৱা পঘা দালৰ মহত্ব

     বিহু অসমীয়া জাতিৰ প্ৰাণ। ই জাতীয় জীৱন ৰ মেৰুদণ্ড স্বৰূপ। তিনি বিহুৰ ভিতৰত বহাগ বা ৰঙালী বিহৰ বৈশিষ্ট অতি গুৰুত্ব পূৰ্ণ।বহাগ বিহুৰ আগমনীত মেঘৰ গাজনিত বৰষুণ পৰি পৃথিৱী যেতিয়া কোমল হয় ঠিক তেতিয়াৰ পৰাই কৃষক সকলে নতুন উদ্যমেৰে কৃষি কাৰ্য্য ত লিপ্ত হয়।অসমত যিহেতু প্ৰায় ৫০শতাংশৰো অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত গতিকে তেওঁলোকৰ বাবে গৰু হালেই হল একমাত্ৰ সম্বল। এই গৰু বিহুৰ দিনা কৃষকে গৰু হালক বিভিন্ন ধৰণে আপ্যায়ন কৰিবলৈ চেষ্টা কৰে।আপ্যায়ন এয়ে যে গৰুক মাহ -হালধিৰে গা ধুওৱা,মাখিয়তীৰে কুবোৱা,নতুন পঘা পিন্ধোৱা  ইত্যাদি। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা গৰুক পিন্ধোৱা পঘাদাল কিছুমান ঔষধি গছ দি বটা হয়।ইয়াৰ ভিতৰত তৰা গছ বিশেষভাবে উল্লেখনীয়। 

কাৰণ প্ৰবাদ আছে যে তৰা গছৰ মৃত্যু নহয়, ই আমৰণ।তৰা গছৰ মূহাৰ পৰা ইটোৰ পিছত সিটো গজালিমেলি জীৱন্ত আৰু সতেজ হৈ থাকে।সেয়ে কৃষকসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল যিহেতু গৰু হালেই গতিকে গৰু হালৰ দীৰ্ঘ আয়ু কামনা কৰি সেই তৰা গছৰ আঁ হ দি বতা পঘদাল গৰুক পিন্ধোৱা হয়। ইয়াৰোপৰি গৰুক গা ধুওৱা মাহ হালধি পানীত পঘাদাল তিয়াই তাত ফুল, তুলসী,দুবৰি আৰু দহি বান্ধি  দিয়া হয়। তাৰোপৰি গৰুক ভাং, ঘুং,মাখিয়তীৰে ও কোবোৱা হয়।মাহ হালধি দি গা ধুৱা লে গৰু নিৰোগী হবৰ কাৰণে,মাখিয়তীৰে কুবলে গৰুৰ গাত মহ মাখি পৰি বীজাণু সৃষ্টি নহবৰ কাৰণে।এই দৰে পৰম্পৰাগত ভাৱেই হওক বা বিজ্ঞানসন্মত ভাৱেই হওক কৃষক সকলে বিভিন্ন কাৰ্যসূচী ৰে বিহু উৎসৱৰ মাজেৰে গৰু বিহু পাতি গৰুক আগস্থান দি আহিছে। যাক লৈ আমি অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.