" অসমৰ পাঁচ খন অদ্ভূত ঠাই এনেকুৱা অদ্ভূত আৰু অবিশ্বাস্য বস্তু আছে যাক দেখি আমি অভিভূত হৈ পৰো Strange places in Assam

অসমৰ পাঁচ খন অদ্ভূত ঠাই এনেকুৱা অদ্ভূত আৰু অবিশ্বাস্য বস্তু আছে যাক দেখি আমি অভিভূত হৈ পৰো Strange places in Assam

Timesguwahati.com

অসমৰ পাঁচ খন অদ্ভূত ঠাইৰ কথাৰে আজিৰ প্ৰতিবেদন আগবঢ়ালোঁ 

ভাৰতৰ উত্তৰ-পূব স্থিত  আমাৰ অসম ৰাজ্য  প্ৰকৃতিৰ অনন্য সৌন্দৰ্য্যৰে ভৰপুৰ ঈশ্বৰৰ এক  অনবদ্য অৱদান যাৰ প্ৰতিটো অংশ‌ই সৃষ্টিকৰ্তাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে । স্বৰ্গীয় অনুভূতিৰে ভৰা আমাৰ জন্ম ভূমি ভাৰতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ , জংঘলৰ দেশ বুলি খ্যাত আমাৰ অসম বিশ্বদৰবাৰত সদা পৰিচিত এক নাম । সঁচাকৈ এই ভূমিৰ বৰ্ণনা কেতিয়াও শেষ নহয় । ইয়াৰ অনন্য সৌন্দৰ্য্যৰ মাজত কিছুমান এনেকুৱা অদ্ভূত আৰু অবিশ্বাস্য বস্তু আছে যাক দেখি আমি অভিভূত হৈ পৰো ।

তেনে কিছুমান ঠাইৰ বিশেষত্ব জানো আহক :

১/ যাদুৰ দেশ মায়ঙ : the land of  black magic  বুলি খ্যাত অসমৰ একমাত্ৰ ঠাই মায়ঙত তন্ত্ৰ- মন্ত্ৰৰ 

 খেল প্ৰাচীন কালৰ পৰাই চলি আহিছে । আধুনিক কালত যদিও মানুহে যাদুৰ খেল বিশ্বাস নকৰে তথাপিও এই ঠাইডোখলৈ এতিয়াও বাহিৰৰ মানুহ আহে । কু - কৰ্মৰ বাবে খ্যাত কলা যাদুৰ খেল এই ঠাইৰ এক বিশেষ আকৰ্ষণ ।

২/ চৰাইৰ আত্মহত্যাৰ স্থান জাটিংগা : অসমত বিভিন্ন সময়ত পৰিভ্ৰমী চৰাই বোৰ আহি কলঙবোৰ ভীৰ কৰে । জাতিংগাও ইয়াৰ বিপৰীত নহয় । কিন্তু আচৰ্য্যৰ বিষয় এইটো যে , বিভিন্ন চৰাই ইয়ালৈ আহে, খাদ্যৰ অভাৱত অথবা জিৰণি ল'বলৈ নহয় । চুবুৰীয়া লোক সকলে মত প্ৰকাশ কৰে যে চৰাই ইয়ালৈ আহে আত্মহননৰ বাবেহে । ইয়াক লৈ বহুত গৱেষণা হৈছে আৰু এই কথা প্ৰমাণিত‌ও হৈছে।

৩/ নামেৰি ৰাষ্ট্ৰীয় উদ্যান স্থিত বগিজুলি কেম্প : 

  এই ঠাই প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা । প্ৰকৃতিৰ মনোমোহা ৰূপৰ মাজতো গোপনীয় হৈ  আছে ভয়ানক  ৰহস্য যাৰ উদাহৰণ হৈছে এই ঠাইডোখৰ । লোক কথা অনুসৰি এই ঠাইত কিছু সময়ত মহিলাৰ হাঁহিৰ শব্দ শুনিবলৈ পোৱা যায় । 

৪/ হাহিম পিকনিক স্পট : অতি মনোৰম  প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা এই ঠাই বন্ধু বৰ্গ আৰু পৰিয়ালৰ সৈতে উপভোগ কৰিব পাৰি যদিও এক লোক কথা অনুসৰি ইয়াত বিভিন্ন আমোদজনক শব্দ শুনিবলৈ পোৱা যায় তাৰে কিছুমান শুনিবলৈ ভয়ানক ভাবে ৰহস্যময় হয় । সেয়ে কেইবছৰমানৰ পৰা এই ঠাই ডোখৰলৈ মানুহৰ আগমন হ্ৰাস পাইছে ।

৫/  পুৰণি গুডামৰ বট গছজোপা : স্থানীয় লোকৰ মতে Burmese সকলে অসমীয়া দৰিদ্ৰ লোকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল আৰু মাৰি পেলাইছিল ।  বৰ্তমান‌ও সেই ঠাইত মানুহ যাবলৈ ভয় কৰে লোক বিশ্বাস অনুসৰি সেই গছজোপাত এতিয়া সেই আত্মাবোৰে বাস কৰে ।

Post a Comment

Previous Post Next Post

People Like