" গৰম পানীৰ সেৱনে আমাক কিদৰে সুস্থ সবল কৰি ৰাখে জানো আহক : Benefits of Drinking Hot Water

গৰম পানীৰ সেৱনে আমাক কিদৰে সুস্থ সবল কৰি ৰাখে জানো আহক : Benefits of Drinking Hot Water

Hot water


গৰম পানীৰ সেৱনে আমাক কিদৰে সুস্থ সবল কৰি ৰাখে জানো আহক

পানী আমাৰ কাৰণে কিমান উপকাৰী সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই । ঠাণ্ডা হ‌ওক বা গৰম পানী খোৱাত কৃপনালি কৰিব নালাগে । গৰম পানীয়ে কিদৰে আপোনাক বেমাৰৰ পৰা বচাই ৰাখে  জানো আহক : 

* এক কাপ গৰম পানী নাকৰ ওচৰত ৰাখি এটা দীঘল উশাহ ল'লে বন্ধ নাক খোলাৰ লগতে উশাহ-নিশাহৰ সমস্যাৰ সমাধান হয় । 

* গৰম পানীয়ে আমাৰ হজম শক্তি বৃদ্ধি কৰে , আৰু আমি খোৱা খাদ্য সোনকালে হজম হয় ফলত গেছ , বদহজমী , পেট বেয়া হোৱাৰ পৰা পৰিত্ৰাণ পাব পাৰি । 

*  দেহত পানীৰ পৰিমাণ কমি গ'লে স্নায়ুতন্ত্ৰৰ কামত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে । ইয়াৰ ফলত মস্তিষ্কৰ কাৰ্য ক্ষমতা কিছু পৰিমাণে হ্ৰাস পাব পাৰে।

*আমাৰ দেহত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত dehydration এ দেখা দিয়ে যাৰ ফলত শৌচ টান হয় । সদায় এক গিলাচ গৰম পানী খালে আমাৰ পেটৰ অৱস্থা স্বাভাৱিক হৈ থাকে ।

* ঠাণ্ডা দিনত গাৰ কপনি কম কৰাত সহায় কৰে আৰু দেহৰ ভিতৰত উত্তাপৰ সৃষ্টি কৰে । গৰম পানী খালে ঠাণ্ডাৰ সময়ত কাম কৰিবলৈ সুবিধা হয় ।

* গৰম পানীৰে গা ধুৱা আৰু গৰম পানী খোৱা এই দুয়োটাই ৰক্ত সঞ্চালনত সহায় কৰে আৰু ৰক্তচাপকে আদি কৰি বিভিন্ন হৃদৰোগ আদিৰ পৰাও আমাক সুৰক্ষা প্ৰদান কৰে ।

* শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ পানী খালে আমাৰ কিডনি সুস্থ হৈ থাকে আৰু গাঁঠিৰ ৰোগ আদিৰ পৰাও সকাহ লাভ কৰে ।

* কিছু সংখ্যক মানুহে খাদ্য খালে অনুভৱ কৰে যে খাদ্যনলীৰ পৰা খাদ্য পেটলৈ গতি কৰা নাই । তেনে ক্ষেত্ৰত এক গিলাচ গৰম পানীয়ে আপোনাক সহায় কৰিব পাৰে 

Post a Comment

Previous Post Next Post

People Like