১০ টা বিশেষ খবৰ : national news : Times Guwahati

 

Luka Bhaku : Assamese Dictionary

১। দুৰ্দিনৰ মাজতেই ভাৰতভূমিত সুদিনে পোহৰ দিলে।যোৱা বুধবাৰে ফ্ৰান্সৰপৰা তিনিখন ৰাফেল ফাইটাৰে ভাৰতভূমি স্পৰ্শ কৰিলে।সচাই ই এক গৌৰৱৰ বিষয়।

২।এক বিশেষ খবৰ।এল, জি মোবাইল ব্যৱহাৰকাৰীযসকলে তেওলোকৰ মোবাইলবোৰ সলাবলগা হ'ব পাৰে ,কাৰণ কোম্পানীয়ে মোবাইলত এক বিশেষ চফ্টৱেৰৰ ব্যৱস্থা কৰাৰ কথা পৰিকল্পনা কৰিছে যি গ্ৰাহকসকললৈ বিশেষ সা-সুবিধা অনাৰ সম্ভাৱনা।সেয়া হ'ব এক বিশেষ পৰিবৰ্তন।

৩।এক আচৰ্যকৰ বেদখলৰ অৱসানৰ খৱৰ। গুড়গাৱৰ Municipality Corporation ৰ Enforcement Team য়ে যোৱা বুধবাৰে ৱাজিৰাবাদ ষ্টেডিয়ামৰ কাৰণে ২৫,০০ টা পজাৰ লগতে অন্যান্য ঘৰো উছ্ছেদ কৰি ১৫ একৰ মাটি বেদখলমুক্ত কৰে।

৪।আৰু এক বিশেষ খবৰ।কেন্দ্ৰীয় চৰকাৰে ক্ষূদ্ৰ সঞ্চয়ৰ the rate of return ৭.১%ৰপৰা ৬.৪% লৈ হ্ৰাস কৰে।সেয়া প্ৰযোজ্য হ'ব Public Provisional Fund ৰ ক্ষেত্ৰত ২০২১-২২ বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত।


৫।সেয়া এক বুকুত খুন্দা মৰা খবৰ।এবিধ নিউয়ৰ্কৰ বিস্কুট যাৰ দামে আপোনাক আচৰিত কৰিব। ইয়াৰ খুচুৰা মূল্য প্ৰায় এহাজাৰ ডলাৰ।এই বিস্কুটবিধ ২৩ কেৰেট Gold-leaf ৰে আবৰা।

৬।এইবাৰ কোভিদে শুদাই নেৰিলে এজন জনপ্ৰিয় কণ্ঠ শিল্পীক।সেয়া বলিউদৰ কণ্ঠশিল্পী বাপ্পি লাহাৰি।নিষ্ঠুৰ সময়ে তেওক কোভিদৰ জালত পেলাই দিলে।

৭।পিছে কোভিদে মাৰ্চ মাহত নিৰ্মমভাৱে আঘাত কৰিলে ব্ৰাজিলত।মাৰ্চ মাহত কোভিদত ছয় লাখৰো অধিক লোকে ব্ৰাজিলত প্ৰাণ হেৰুৱাই বহুলোকৰ বুকু শুদা কৰিলে।সচাই এক শোকৰ বন্যা।

৮।নীলা আকাশত ক'লা ডাৱৰ।ড্ৰাগচ ব্যৱসায়ৰ লগত জড়িত অভিনেতা এজাজ খানক মুম্বাই বিমানবন্দৰৰপৰা এনচিবিয়ে আটক কৰে।

৯।এইবাৰ মোবাইলৰ বজাৰত চলিব দপদপনি।ছাউমী, ৰীয়েলমি, অ'প' আৰু চেমচাংএ বজাৰত চলিত মাহতেই এৰিব এটা নহয়,দুটা নহয় সাতটাকৈ মোবাইল।

১০।এইবাৰ খবৰ আমেৰিকাৰ ৰে'লসেৱাৰ।আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰে'লসেৱাৰ উন্নতি সাধনৰ লক্ষৰে ৮০ বিলিয়ন ডলাৰ খৰচ কৰাৰ পৰিকল্পনা হাতত লৈছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.