
ভিক্ষাৰী শব্দটো শুনিলে আমাৰ মনলৈ আহে, এনে এজন ব্যক্তিৰ কথা যিজন অৰ্থনৈতিকভাৱে খুবেই দূৰ্বল, যাৰ হয়তো ঘৰ বাৰী নাই আৰু ভিক্ষা কৰাই হয়তো তেওঁৰ জীৱন নিৰ্বাহৰ একমাত্ৰ উপায় । কিন্তু এনেবোৰ ধাৰণা আজিৰে পৰা আপুনি বাদ দিব লাগিব কাৰণ আমাৰ ভাৰততে এনে কিছুমান ভিক্ষাৰী আছে যি বৃত্তিত এজন ভিক্ষাৰী হলেওঁ তেওঁৰ সম্পত্তিৰ লগত হয়তো ডাঙৰ ডাঙৰ ব্যৱহায়ীয়েও ফেৰ মাৰিব নোৱাৰিব । তেন্তে আহ'কচোন জানি লওঁ, ভাৰতৰ ৫ জন ভীক্ষাৰীৰ কথা যাৰ সম্পত্তিৰ খাতিয়ান শুনি অপোনালোক হতভম্ব হব ।
ভাৰত জেইন- এই মানুহজনৰ বয়স ৪৯ বছৰ আৰু তেওঁ মুম্বাইৰ পেৰেল নামৰ ঠাইত ভিক্ষা কৰে । তেওঁ ভাৰতৰ আটাইতকৈ ধনী ভীক্ষাৰী আৰু তেওঁৰ মাহিলী উপাৰ্জন ৬০ হেজাৰ টকা । তেওঁৰ দুটা ঘৰ আছে আৰু প্ৰত্যেকৰে মূল্য ৭ লাখ । তাৰোপৰি তেওঁ এখন ni দুকান ভাড়াত দিছে , যাৰ মাহিলী ভাড়া ১০ হাজাৰ টকা ।
সৰবিতা দেৱী – সৰবিতা দেৱী ভাৰতৰ আটাইতকৈ ধনী মহিলা ভিক্ষাৰী ।তেওঁৰ ভিক্ষা কৰাৰ স্থান হৈছে পাটনাৰ অশোক চিনেমা হল । তেওঁ ভিক্ষা কৰি বছৰি ৩৩ হাজাৰ টকা জীৱন বীমাত দিয়ে । তাৰোপৰি তেওঁৰ ভিক্ষা কৰাৰ পইচাৰে তেওঁ দেশৰ বিভিন্ন ঠাই তথা বহুতো তীৰ্থস্থান ভ্ৰমন কৰিছে ।
সামভাজি কালে - সামভাজি কালে ভাৰতৰ ধনী ভিক্ষাৰী সকলৰ মাজৰ এজন । তেওঁৰ নামত বহুতো সম্পতি আছে । যেনে – ২ খন ফ্লেট , এডোখৰ মাটী আৰু দুটা নিজস্ব ঘৰ । তাৰোপৰি তেওঁ বেংকত জমা থোৱা ৰাহি হৈছে ১.৫০ লাখ ।
কিষন কুমাৰ গিটে - কিষন কুমাৰ গিটে ভাৰতৰ আন এজন ধনী ভিক্ষাৰী । তেওঁক সাধাৰনতে মুম্বাইৰ চাৰনি এলেকাত ভিক্ষা কৰা দেখা যায়। তেওঁৰ এখন এপাৰটমেন্ট আছে, যাৰ মূল্য ৫ লাখ টকা ।
লক্ষ্মী দাস - লক্ষ্মী দাস নামৰ মহিলা গৰাকীয়ে ১৬ বছৰৰ পৰাই ভিক্ষা কৰা আৰম্ভ কৰিছিল আৰু ভিক্ষা কৰা টকা সমূহ সাচি ৰাখিছিল । ৫০ বছৰ পিছত বৰ্তমান তেওঁৰ নিজস্ব বেংক একাউন্ট আছে য'ত তেওঁ এক বৃহৎ পৰিমাণৰ টকা জমা ৰাখিছে ।
ভিক্ষা কৰাটো আগতে অসহায় মানুহৰ জীৱন যাপন কৰাৰ এক উপায় আছিল কিন্তু বৰ্তমান ই এক বৃত্তিলৈ পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে।