নগাঁৱৰ খুটিকটীয়াত চুৰিকাণ্ড




খুটিকটীয়া, ২৩ মাৰ্চঃ যোৱাকালি নগাঁঁ‌ৱত এক চাঞ্চল্যকৰ  চুৰিকাণ্ড সংঘটিত হয়। নগাঁওৰ খুটিকটীয়া অঞ্চলৰ অতুল চন্দ্ৰ বৰুৱাৰ ঘৰত ভাড়াতীয়া হিছাপে থকা পৰেশ বৰা(৩০)ৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই তলা ভাঙি ঘৰৰ পৰা লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধন চুৰি কৰি লৈ যায়। পুৱা অন্যান্য ভাড়াতীয়া লোকসকলে ঘটনা জানিব পাৰি মালিকক অৱগত কৰে আৰু আৰক্ষীক যোগাযোগ কৰে। আৰক্ষীয়ে উপস্থিত হৈ ঘটনাস্থলী নিৰীক্ষণ কৰি তদন্ত আৰম্ভ কৰিছে। ইপিনে, দুৰ্বৃত্তই পৰেশ বৰাৰ ঘৰৰ সমীপৰ দুটা নামঘৰতো তলা ভাঙি সামগ্ৰী চুৰ কৰে।উল্লেখযোগ্য যে, খুটিকটীয়া অঞ্চলত যোৱাকেইদিনমানৰ পৰাই চোৰে উপদ্ৰৱ চলাই আহিছে বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.